মধ্য প্ৰদেশত ভয়াৱহ বিস্ফোৰণঃ ৩ জন নিহত, প্ৰায় ৪০ জন আহত

blast at firecracker factory

এক ভয়াৱহ বিস্ফোৰণে জোকাৰি তুলিছে মধ্য প্ৰদেশ। ৰাজ্যখনৰ মঙলবাৰে পুৱা হৰডা জিলাৰ এটা আতচবাজী কাৰখানাত সংঘটিত হৈছে এই বিস্ফোৰণ।

হৰডা জিলাৰ বৈৰাগড় নামৰ এখন গাঁৱত থকা আতচবাজী কাৰখানাটোত সংঘটিত হৈছে বিস্ফোৰণটো। কাৰখানাটো অবৈধভাৱে চলাই থকা বুলি জানিব পৰা গৈছে।

এই বিস্ফোৰণত প্ৰায় ৩ জন লোক নিহত হোৱাৰ লগতে ৪০ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰে কেইজনমানৰ অৱস্থা সংকটজনক বাবে নিহত লোকৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা আছে।

বিস্ফোৰণৰ পাবল্য ইমানেই অধিক আছিল যে, কাৰখানাটোৰ কাষৰীয়া ৫০ টাতকৈও অধিক ঘৰত জুইয়ে আগুৰি ধৰে। এনে অৱস্থাত আতংকগ্ৰস্ত হৈ পৰা লোকসকল নিজা ঘৰ এৰি সুৰক্ষিত স্থানলৈ পলায়ন কৰে। 

বিস্ফোৰণত আহত আটাইকেইজন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি স্থানীয় এগৰাকী প্ৰশাসনিক বিষয়াই সদৰী কৰিছে।

বিষয়াজনে লগতে বিস্ফোৰণস্থলীত উদ্ধাৰ অভিযান চলি আছে তথা ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ) বাহিনী ঘটনাস্থলীত উপস্থিত আছে বুলি জানিবলৈ দিয়ে।