ৰাজ্যত নতুনকৈ ২৫গৰাকী কোভিড-১৯ পজিটিভ; আক্ৰান্তৰ সংখ্যা ৮৫৬জনলৈ বৃদ্ধি

Covid-test-image

প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যত ৮৫৬ গৰাকীলৈ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

এই মুহূৰ্তত ২৫ গৰাকীকৈ লোকৰ দেহত পোৱা গৈছে ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

ইয়াৰে ১৩ গৰাকী কামৰূপ মেট্ৰো, ৪ গৰাকী কাছাৰ, ৩ গৰাকী ধেমাজি, ৩ গৰাকী বৰপেটা আৰু কোকৰাঝাৰৰ দুগৰাকী।

কিছু সময় পূৰ্বে ৩৩ গৰাকীকৈ লোকৰ দেহত পোৱা গৈছিল ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

ইয়াৰে ১০ গৰাকী নগাওঁ, ৮ গৰাকী কামৰূপ মেট্ৰো, ৭ গৰাকী কাছাৰ, এগৰাকী হোজাই, এগৰাকী ডিমা হাছাও, দুগৰাকী কৰিমগঞ্জ, দুগৰাকী হাইলাকান্দি, দুগৰাকী কোন ঠাইৰ নিশ্চিত হোৱা নাই।

বৰ্তমান ৭৬২ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৮৭ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

আজিৰ দিনটোত এতিয়ালৈকে ৭৩ গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰ’ণাত।

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ ঠিক কিছু সময় পূৰ্বে ১৫ গৰাকী লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।
ইয়াৰে ১১ গৰাকী কামৰূপ মেট্ৰো’, ৩ গৰাকী ডিব্ৰুগড় আৰু এগৰাকী লখিমপুৰ।

কালিৰ দিনটোত ১০১ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ২৬ মেত ১৩৪ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

উল্লেখযোগ্য যে, যোৱা ২৫ মেত ৰাজ্যত ১৫৬ গৰাকী লোক কোভিড-১৯ পজিটিভ ত আক্ৰান্ত হৈছিল।

যোৱা ২৪ মে’ত ৩২ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ২৩ মে দিনা ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।

২২ মে” ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত এসপ্তাহৰ ভিতৰত পাঁচ শতাধিক লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ৭৮৩ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।