ঘৰত বহি বহিয়েই কৰিব পাৰিব কাম, দৈনিক উপাৰ্জন ২৫০০ টকা : কেন্দ্ৰীয় চৰকাৰে দিছে এই সুবিধা

পইচাৰ বাবে অথবা কামৰ বাবে আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। ছাত্ৰ-ছাত্ৰীয়েই হওক বা গৃহিণী সকলেই হওঁক, ঘৰৰ পৰাই কাম কৰাৰ সুবিধা লাভ কৰিব পাৰিব এতিয়াৰ পৰা।

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে ঘৰৰ পৰাই কাম কৰিব পৰা সুবিধা। সকলো ধৰণৰ লোকে নিজৰ পচন্দৰ কাম বাচি লৈ উপাৰ্জন কৰিব পাৰিব আকৰ্ষণীয় দৰমহা।  এঘন্টা কাম কৰিয়েই উপাৰ্জন কৰিব পাৰিব হাজাৰ হাজাৰ টকা।

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এই কামৰ বিষয়বস্তু হৈছে অনুবাদ। আপুনি যিটো ভাষা জানে সেইটো ভাষা বাচি লৈ কৰিব পাৰিব বিষয়বস্তু অনুবাদৰ কাম। এই কাম মূলতঃ ছাত্ৰ-ছাত্ৰী আৰু গৃহিণীৰ বাবে উপযোগী। কাৰণ এই কামৰ কোনো নিৰ্দিষ্ট সময় নাই, যাৰ ফলস্বৰূপে তেওঁলোকে নিজৰ সুবিধা অনুসৰি ঘৰতে বহি এই কাম (Work From Home) কৰিব পাৰে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা ৱেবছাইট খুলিছে। সেই ৱেবচাইটটোৰ নাম হৈছে Flexibench।

এই কামত কেনেকৈ যোগদান কৰিব?

প্ৰথমে ব্যক্তিজনে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত ফ্লেক্সিবেঞ্চ ৱেবছাইটত এটা প্ৰফাইল লগইন কৰিব লাগিব। তাৰ পিছত ৱেবছাইটত প্ৰৱেশ কৰি All Tasks বিকল্পত থকা tasks বোৰত নিজৰ পচন্দৰ কামৰ বাবে আবেদন কৰিব পাৰিব। যদিহে আবেদন গ্ৰহণ কৰা হয় তেন্তে ব্যক্তিজনৰ মূল্যায়ন কৰা হ’ব। আৰু সেইজন ব্যক্তিয়ে পৰীক্ষাত উত্তীৰ্ণ হ’লেহে এই চাকৰিটোত যোগদান কৰিব পাৰিব।

এই কামৰ বিশেষ সুবিধাটো হ’ল ইয়াত কোনো নিৰ্দিষ্ট সময় বা অফিচলৈ যোৱাৰ ব্যৱস্থা নাথাকে। নিজৰ সুবিধা অনুসৰি ঘৰতে এই কাম কৰিব পাৰিব। ফলত হোমৱৰ্ক, পঢ়া-শুনাৰ লগতে আজৰি সময়ত টকা উপাৰ্জন কৰিব পৰা যায়। আন এটা সুবিধা হ’ল এই চাকৰিৰ বাবে কোনো আবেদন মাচুল নাই, এই কামটো বিনামূলীয়াকৈ কৰিব পাৰিব।

উপাৰ্জনৰ কিমান হ’ব?

ভাৰত চৰকাৰৰ অনুমোদিত এই Flexibench ৱেবছাইটত এঘণ্টা অনলাইন কাম কৰি প্ৰায় ২০০০-২৫০০ টকা উপাৰ্জন কৰিব পাৰিব। কিন্তু ইয়াৰ বাবে আপুনি এই কাৰ্য্যৰ এটা পৰীক্ষাত নিৰ্বাচিত হ’ব লাগিব। নিৰ্বাচিত হোৱাৰ পিছত কামটো সম্পূৰ্ণ কৰি ৱেবছাইটত জমা দিয়াৰ পিছতেই প্ৰাপ্য ধন বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হ’ব।

প্ৰফাইল কেনেকৈ বনাব?

যদি আপুনি ঘৰতে বহি ভাৰত চৰকাৰৰ ৱেবছাইটত কাম কৰিব বিচাৰে তেন্তে প্ৰথমে Google Chrome ৰ search bar ত Flexibench লিখি এই ৱেবচাইটটো চাৰ্চ কৰিব লাগিব। তাৰ পিছত ৱেবচাইটত প্ৰৱেশ কৰি আপোনাৰ সকলো তথ্য, ইমেইল আইডি আৰু পাছৱৰ্ড দি এটা প্ৰফাইল তৈয়াৰ কৰিব লাগিব। তাৰপিছতেই লাভ কৰিব কামৰ সুযোগ।