NORTHEAST NOW (Assamese)

অসম আৰক্ষীত শীঘ্ৰে ২৫০০০ নতুন চাকৰি, গোঁসাইগাঁৱত মুখ্যমন্ত্ৰীৰ ঘোষণা

October 24, 2021 4:10 pm · ৰিনয় বসুমতাৰী,কোকৰাঝাৰ

গোঁসাইগাঁৱৰ গুমনাত ১০.৫০ বজাত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ।

উপ নিৰ্বাচনৰ মাজত আৰু কেইটামান দিন বাকী থকা সময়ত হিমন্ত বিশ্ব শৰ্মাই গোঁসাইগাঁৱত মাৰাথন প্ৰচাৰ চলাইছে।

সভাত মূখ্যমন্ত্ৰীয়ে জিৰণ বসুমতাৰীৰ হৈ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলাই কয় যে বি জে পি, ইউ পি পি এলৰ নেতৃত্বত বি টি আৰ অঞ্চলত শান্তি ঘূৰি আহিছে।

তেওঁ আৰু কয় যে গোঁসাইগাঁৱত ১৭০০০ মহিলাক অৰুণোদয় আঁচনিৰ অধীনত ধন দিয়াৰ ব্যৱস্থা কৰিছে।

আজিৰ সভাত মুখ্যমন্ত্ৰীয়ে কয় যে আৰু ৭০০০ হেজাৰ মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ অধীনত সহায় আগবঢ়োৱা হব।

বিদ্যুতৰ সমস্যা সমাধান কৰা হব বুলিও মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে।

কিছুদিনৰ ভিতৰতে আৰক্ষীত ২৫০০০ চাকৰি দিয়া হব বুলি সভাত ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে।গতিকে উন্নয়নৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত ইউ পি পি এল দলৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ তেওঁ আহ্বান জনায়।

Related News