NORTHEAST NOW (Assamese)

অসমত ২৫৩৪ নতুন ক’ভিড আক্ৰান্ত, ১৬গৰাকীৰ মৃত্যু

September 11, 2020 10:16 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

২৫৩৪গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড১৯ পজিটিভি চিনাক্ত হোৱাৰ বিপৰীতে ১৬গৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

শুকুৰবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৪৩০লৈ বৃদ্ধি পাইছে।

নতুনকৈ পজিটিভ চিনাক্তসকলক ধৰি অসমত এতিয়ালৈকে মুঠ ১,৩৮,৩৩৯গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

শুকুৰবাৰে টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৬.৯৬ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩৬,৪১৩টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৮৮, যোৰহাটৰ ১৯৪, ডিব্ৰুগড়ৰ ১৭২ আৰু ধেমাজিৰ ১৫৩গৰাকী ব্যক্তি।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।


বিপৰীতে বৃহস্পতিবাৰলৈকে অসমত ১,০৫,৭০১গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

Related News