NORTHEAST NOW (Assamese)

সীমামূৰীয়া লোকে অসমত তেওঁলোকৰ মাটিৰ পঞ্জীয়ন কৰাৰ কথা অৱগত নহয় মেঘালয় চৰকাৰ : মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰী

December 13, 2017 5:00 pm · এন ই নাও নিউজ
Updated: December 13, 2017 8:32 pm

মেঘালয় বিধানসভাৰ তিনিদিনীয়া শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰী আৰ চি লালুৱে কয় যে অসমৰ সীমাত মাটি থকা কোনো লোকে তেওঁলোকৰ মাটিৰ অসমত পঞ্জীয়ন কৰা বুলি চৰকাৰৰ হাতত কোনো তথ্য নাই। ”অসমৰ সীমাত মাটি থকা কোনো লোকে তেওঁলোকৰ মাটিৰ অসমত পঞ্জীয়ন কৰা বুলি এতিয়ালৈকে মেঘালয় চৰকাৰ অৱগত নহয়।” এই বুলি কয় উপ-মুখ্য মন্ত্ৰীজনে। অধিৱেশনৰ দ্বিতীয় দিনটোত প্ৰশ্নকালত বিৰোধী বিধায়ক জেমিনো মাওথয়ে কৰা এটা প্ৰশ্নৰ উত্তৰত এইদৰে কয় মন্ত্ৰীজনে। মাওথয়ে এই কথাও উনুকিয়াই দিয়ে যে চৰকাৰৰ ৰাজহ লোকচান নহ’বলৈ মাটিৰ সঠিক পঞ্জীয়ন হ’ব লাগে বুলি ২০১৪ চনত মেঘালয় উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশনাও জাৰি কৰিছিল। উচ্চ ন্যায়ালয়ে কৈছিল যে মাটিৰ হস্তান্তৰ কেঁচা বিক্ৰী চুক্তিৰ দ্বাৰা কৰাটোত অনুমতি দিব নালাগে, যিহেতু চৰকাৰৰ ৰাজহ লোকচান ৰোধ কৰিবলৈ ১৯০৮ চনৰ পঞ্জীয়ন আইন সমগ্ৰ ৰাজ্যতে প্ৰয়োগ কৰা হৈছে আৰু মাটি কিনাবেচাৰ সকলো চুক্তিতে ইয়াৰ প্ৰয়োগ বাধ্যতামূলক কৰা হৈছিল। আদালতে সকলো উপায়ুক্ত, পঞ্জীয়ক আৰু লগতে স্বায়ত্ত শাসিত জিলা পৰিষদলৈ উপযুক্ত পঞ্জীয়ন প্ৰক্ৰিয়া অনুসৰণ কৰিবলৈ আৰু কেঁচা বিক্ৰী চুক্তিমতে কোনো মাটিৰ কিনাবেচা নকৰিবলৈ নিৰ্দেশনা দিছিল।

মাটিৰ কোনটো পঞ্জীয়ন, ৰাজ্য চৰকাৰ নে স্বায়ত্তশাসিত জিলাৰ বৈধ বুলি আন এজন বিৰোধী বিধায়ক আৰ্ডেণ্ট মিলাৰ বাছেয়ামৈতে কৰা আন এটা প্ৰশ্নৰ উত্তৰত লালুৱে স্পষ্ট উত্তৰ দিয়াৰ পৰা বিৰত থাকে। তেওঁ মাথো বিষয়টো আইন বিভাগৰ সৈতে আলোচনা কৰি পৰীক্ষা কৰা হ’ব বুলি কয়। জানিব পৰামতে এনে মানুহো আছে, যি স্বায়ত্ত শাসিত জিলা পৰিষদৰ অধীনত আৰু ভাৰতীয় পঞ্জীয়ন আইন ২০০৮ ৰ মতে ৰাজ্য চৰকাৰৰ অধীনত দুয়োটাতে পঞ্জীয়ন কৰে। কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে লালুৱে দুই পক্ষৰ ওচৰত পঞ্জীয়ন কৰাৰ কথা অস্বীকাৰ কৰে।

Related News