ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিষয়ত আছু আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনৰ আলোচনা সভা

 

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া

আজি গুৱাহাটীত আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ এক যৌথ বৈঠক অনুষ্ঠিত হয়। আছুৰ এক সূত্ৰই আমাক জানিবলৈ দিয়া মতে এই বৈঠকখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া, নাগালিম, ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰদূষণ, খিলঞ্জীয়াক উচ্ছেদ, কাকপথাৰৰ হত্যাকাণ্ড বিষয়ত আলোচনা কৰি যৌথভাৱে সিদ্ধান্ত লয়। সভাখন সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপংক কুমাৰ নাথৰ সভাপতিত্বত হয় আৰু তাত আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰিয়ে আলোচনা মুকলি কৰে। সভাখনত আটাইকেইটা সংগঠনৰ নেতাসকলে এন আৰ চি সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ প্ৰতি সম্পূৰ্ণ আস্থাৰ কথা প্ৰকাশ কৰে। যৌথ সভাই অতি স্পষ্ট আৰু দৃঢ়তাৰে বাংলাদেশীৰ নামমুক্ত এখন নাগৰিক পঞ্জী অসমবাসীক লাগিবই বুলি কয়। তেওঁলোকে নাগৰিক পঞ্জী উন্নীতকৰণৰ কামত জড়িত সকলো বিষয়া, কৰ্মচাৰীক ইয়াক এক জাতীয় দায়িত্ব হিচাপে ল’বলৈ আহ্বান জনায়। কোনো অবৈধ বাংলাদেশীয়ে যাতে ভুল তথ্যৰ নিজৰ নামটো ভৰাব নোৱাৰে তাৰ প্ৰতি সতৰ্ক থাকিবলৈ সকলো পক্ষকে আহ্বান জনায়।

ব্ৰহ্মপুত্ৰৰ প্ৰদূষণ

অসমৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰৰ প্ৰদূষণ সন্দৰ্ভত যৌথ বৈঠকখনত নেতাসকলে কয় যে ব্ৰহ্মপুত্ৰ পানী দূষিত হোৱা, বিশেষকৈ ইয়াৰ পানী খাবৰ অনুপক্ত হৈ পৰাটো এটা ভয়ংকৰ প্ৰাকৃতিক দুৰ্য্যোগ। অসম চৰকাৰে আগতীয়াকৈ ইয়াৰ বিকল্প ব্যৱস্থা কৰিব লাগিছিল। এতিয়াও এইটো কৰা উচিত। তাৰোপৰি নেতাসকলে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই ক্ষেত্ৰত দায়িত্ব বেছি। গংগাৰ ক্ষেত্ৰত এনেকুৱা হ’লে কেন্দ্ৰীয় চৰকাৰে যেনেকুৱা ক্ষিপ্ৰতা দেখুৱালে হেঁতেন ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰতো সেইটো দেখুৱাব লাগে। বৈষম্য হোৱা অনুচিত।

নাগালিম

আনহাতে আজিৰ বৈঠকত আলোচ্য আন এটা গুৰুত্বপূৰ্ণ বিষয় নাগালিম সম্পৰ্কত যৌথ সভাখনে কয় যে দীৰ্ঘদিনীয়া নাগা সমস্যাটোৰ সমাধান হোৱাটো অসম বাসীয়েও বিচাৰে। কিন্তু তাকে কৰিবলৈ যাওঁতে অসমৰ এক ইঞ্চি মাটিও নাগালিমত যাব নোৱাৰিব। নাগা ফ্ৰেইমৱৰ্ক ৰাজহুৱা কৰাৰো দাবী তোলে সংগঠনকেইটাৰ নেতৃবৰ্গই। তেওঁলোকে কয় যে এই ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আশ্বাস তথা প্ৰতিশ্ৰুতিয়ে অসমৰ ৰাইজক আশ্বাস্ত কৰিব পৰা নাই।

খিলঞ্জীয়াক উচ্ছেদ

খিলঞ্জীয়াক উচ্ছেদ সম্পৰ্কতো আজিৰ বৈঠকে নিজৰ স্থিতি বেকত কৰিছে। বৈঠকত নেতৃবৰ্গই স্পষ্ট ভাষাৰে কৈছে যে অসমৰ বনাঞ্চল, চৰকাৰী মাটি সুৰক্ষিত হৈ থকাটো আছু তথা আন সংগঠনৰ নেতৃবৃন্দই বিচাৰে। কিন্তু এই ক্ষেত্ৰত অবৈধ বিদেশী আৰু খিলঞ্জীয়া লোকক উচ্ছেদৰ নীতি একে হ’ব নোৱাৰে।

বৰডুমচাৰ হত্যাকাণ্ড

আনহাতে বৰডুমচাৰ প্ৰাক্তন আছুনেতা কৰুণ মহন্ত আৰু তেওঁৰ পিতাক অন্তেশ্বৰ মহন্তক আলফাই হত্যা কৰা ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে আটাইকেইটা সংগঠনৰ নেতৃবৃন্দই। লগতে তেওঁলোকে কয় যে নিৰীহ মানুহক হত্যা কৰি কোনো সমস্যাৰ সমাধান নহয়। তাৰোপৰি হত্যাৰ পিছত জাপি দিয়া অভিযোগ কোনোপধ্যে গ্ৰহণযোগ্য নহয়।