• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিষয়ত আছু আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনৰ আলোচনা সভা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2017 7:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া

Apply Now

আজি গুৱাহাটীত আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ এক যৌথ বৈঠক অনুষ্ঠিত হয়। আছুৰ এক সূত্ৰই আমাক জানিবলৈ দিয়া মতে এই বৈঠকখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া, নাগালিম, ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰদূষণ, খিলঞ্জীয়াক উচ্ছেদ, কাকপথাৰৰ হত্যাকাণ্ড বিষয়ত আলোচনা কৰি যৌথভাৱে সিদ্ধান্ত লয়। সভাখন সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপংক কুমাৰ নাথৰ সভাপতিত্বত হয় আৰু তাত আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰিয়ে আলোচনা মুকলি কৰে। সভাখনত আটাইকেইটা সংগঠনৰ নেতাসকলে এন আৰ চি সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ প্ৰতি সম্পূৰ্ণ আস্থাৰ কথা প্ৰকাশ কৰে। যৌথ সভাই অতি স্পষ্ট আৰু দৃঢ়তাৰে বাংলাদেশীৰ নামমুক্ত এখন নাগৰিক পঞ্জী অসমবাসীক লাগিবই বুলি কয়। তেওঁলোকে নাগৰিক পঞ্জী উন্নীতকৰণৰ কামত জড়িত সকলো বিষয়া, কৰ্মচাৰীক ইয়াক এক জাতীয় দায়িত্ব হিচাপে ল’বলৈ আহ্বান জনায়। কোনো অবৈধ বাংলাদেশীয়ে যাতে ভুল তথ্যৰ নিজৰ নামটো ভৰাব নোৱাৰে তাৰ প্ৰতি সতৰ্ক থাকিবলৈ সকলো পক্ষকে আহ্বান জনায়।

ব্ৰহ্মপুত্ৰৰ প্ৰদূষণ

অসমৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰৰ প্ৰদূষণ সন্দৰ্ভত যৌথ বৈঠকখনত নেতাসকলে কয় যে ব্ৰহ্মপুত্ৰ পানী দূষিত হোৱা, বিশেষকৈ ইয়াৰ পানী খাবৰ অনুপক্ত হৈ পৰাটো এটা ভয়ংকৰ প্ৰাকৃতিক দুৰ্য্যোগ। অসম চৰকাৰে আগতীয়াকৈ ইয়াৰ বিকল্প ব্যৱস্থা কৰিব লাগিছিল। এতিয়াও এইটো কৰা উচিত। তাৰোপৰি নেতাসকলে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই ক্ষেত্ৰত দায়িত্ব বেছি। গংগাৰ ক্ষেত্ৰত এনেকুৱা হ’লে কেন্দ্ৰীয় চৰকাৰে যেনেকুৱা ক্ষিপ্ৰতা দেখুৱালে হেঁতেন ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰতো সেইটো দেখুৱাব লাগে। বৈষম্য হোৱা অনুচিত।

নাগালিম

আনহাতে আজিৰ বৈঠকত আলোচ্য আন এটা গুৰুত্বপূৰ্ণ বিষয় নাগালিম সম্পৰ্কত যৌথ সভাখনে কয় যে দীৰ্ঘদিনীয়া নাগা সমস্যাটোৰ সমাধান হোৱাটো অসম বাসীয়েও বিচাৰে। কিন্তু তাকে কৰিবলৈ যাওঁতে অসমৰ এক ইঞ্চি মাটিও নাগালিমত যাব নোৱাৰিব। নাগা ফ্ৰেইমৱৰ্ক ৰাজহুৱা কৰাৰো দাবী তোলে সংগঠনকেইটাৰ নেতৃবৰ্গই। তেওঁলোকে কয় যে এই ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আশ্বাস তথা প্ৰতিশ্ৰুতিয়ে অসমৰ ৰাইজক আশ্বাস্ত কৰিব পৰা নাই।

খিলঞ্জীয়াক উচ্ছেদ

খিলঞ্জীয়াক উচ্ছেদ সম্পৰ্কতো আজিৰ বৈঠকে নিজৰ স্থিতি বেকত কৰিছে। বৈঠকত নেতৃবৰ্গই স্পষ্ট ভাষাৰে কৈছে যে অসমৰ বনাঞ্চল, চৰকাৰী মাটি সুৰক্ষিত হৈ থকাটো আছু তথা আন সংগঠনৰ নেতৃবৃন্দই বিচাৰে। কিন্তু এই ক্ষেত্ৰত অবৈধ বিদেশী আৰু খিলঞ্জীয়া লোকক উচ্ছেদৰ নীতি একে হ’ব নোৱাৰে।

বৰডুমচাৰ হত্যাকাণ্ড

আনহাতে বৰডুমচাৰ প্ৰাক্তন আছুনেতা কৰুণ মহন্ত আৰু তেওঁৰ পিতাক অন্তেশ্বৰ মহন্তক আলফাই হত্যা কৰা ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে আটাইকেইটা সংগঠনৰ নেতৃবৃন্দই। লগতে তেওঁলোকে কয় যে নিৰীহ মানুহক হত্যা কৰি কোনো সমস্যাৰ সমাধান নহয়। তাৰোপৰি হত্যাৰ পিছত জাপি দিয়া অভিযোগ কোনোপধ্যে গ্ৰহণযোগ্য নহয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd