মুম্বাইৰ ২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড টাহাউৰ হুছেইন ৰাণাক ভাৰতলৈ ঘুৰাই অনা হ’ব। বুধবাৰে এন আই এৰ তদন্তকাৰী দলে বিশেষ বিমানেৰে ভাৰতলৈ আনিব কুখ্যাত সন্ত্ৰাসবাদীক। এই কুখ্যাত সন্ত্ৰাসবাদীৰ বাবে দিল্লী আৰু মুম্বাইৰ দুখন কাৰাগাৰত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু গৃহ মন্ত্ৰালয়ে এই প্ৰক্ৰিয়া নিৰীক্ষণ কৰি আছে।
ড’নাল্ড ট্ৰাম্পৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচনৰ পিছত ভাৰতে এই কূটনৈতিক জয় লাভ কৰে। আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ভাৰত-আমেৰিকা প্ৰত্যাৰ্পণ চুক্তিৰ অধীনত ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণৰ নিৰ্দেশ দিছিল। ৰাণাই আদালতত প্ৰত্যাৰ্পণৰ নিৰ্দেশ স্থগিত ৰাখিবলৈ আবেদন কৰিছিল, কিন্তু ৭ এপ্ৰিলত আমেৰিকাৰ আদালতে এই আবেদন নাকচ কৰে। তাৰ পিছত ভাৰতীয় তদন্ত দল আমেৰিকালৈ গৈ কুখ্যাত সন্ত্ৰাসবাদী ৰাণাক লৈ অহাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ড’ভাল আৰু গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলে এই প্ৰত্যাৰ্পণ প্ৰক্ৰিয়াৰ দায়িত্বত আছে। সূত্ৰ অনুসৰি NIA-এ প্ৰথমে দিল্লীত ৰাণাক জেৰা কৰিব পাৰে। সেয়ে তিহাৰ কাৰাগাৰত এটা বিশেষ কোঠা প্ৰস্তুত কৰা হৈছে। উল্লেখ্য যে ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত আক্ৰমণৰ ষড়যন্ত্ৰকাৰী টাহাউৰ হুছেইন ৰাণাৰ সহযোগী নাগৰিক ডেভিল কলমেন হেডলী। প্ৰায় ডেৰ দশক ধৰি ভাৰতে এই অপৰাধীক ধৰিবলৈ চেষ্টা কৰি আহিছে।
২০১৩ চনত আমেৰিকাৰ আদালতে ১৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ২০২০ চনত প্ৰশাসনে মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয় কিন্তু ভাৰতৰ প্ৰত্যাৰ্পণৰ অনুৰোধৰ পিছতে হত্যাৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পিছতে আমেৰিকা প্ৰশাসনে আদালতত আবেদন দাখিল কৰি সন্ত্ৰাসবাদীজনক দিল্লীৰ জিম্মাত গতাই দিবলৈ দাবী জনায়। যোৱা বছৰৰ আগষ্ট মাহত ৱাশ্বিংটনৰ ফেডাৰেল আদালতে ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিব পৰা যাব বুলি ৰায় দিছিল।২৬/১১ৰ আক্ৰমণৰ বিচাৰৰ বাবে ৰানাক দেশলৈ ঘূৰাই অনা হৈছে।