দুপৰীয়ালৈকে অসমত ভোটদানৰ হাৰ ২৬.৩৭ শতাংশ; ভোটকেন্দ্ৰত বাঢ়িছে ভোটাৰৰ ভিৰ

polling stations

শিৱসাগৰৰ এটা ভোটকেন্দ্ৰ। ফটো: নৰ্থইষ্ট নাও।

অসমত আজি বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, দুপৰীয়ালৈকে ভোটদানৰ হাৰ হৈছে ২৬.৩৭শতাংশ।

পুৱা ৯.৩০ বজালৈকে ৰাজ্যখনত ১০.১৪ শতাংশ ভোটাৰে ভোটদান সাৱ্যস্ত কৰিছিল আৰু লাহে লাহে ভোটদানৰ হাৰ বৃদ্ধি পাইছে।

বৰ্তমান ভোটকেন্দ্ৰ সমূহত ভোটাৰৰ ভিৰ বৃদ্ধি পাইছে আৰু বিয়লিলৈকে ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২৩গৰাকী মহিলাসহ মুঠ ২৬৪জন প্ৰাৰ্থীয়ে  প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধত বহুকেইগৰাকী হেভীৱেইট প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অগপৰ সভাপতি অতুল বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈকে ধৰি কেইবাগৰাকী মন্ত্ৰী, বিৰোধী নেতা আৰু বৰ্তমান বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়েও প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ভিতৰত আছে।

শনিবাৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৪৭টা সমষ্টি হৈছে- সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁও, ঢেকিয়াজুলি, বৰচলা, টিংখং, নাহৰকটিয়া, চাবুৱা, তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, তেজপুৰ, ৰঙাপাৰা, চতিয়া, মাহমৰা, সোনাৰি, বিহপুৰীয়া, বিশ্বনাথ, বিহালী, গহপুৰ, নাওবৈচা, ধিং, বটদ্রবা, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ, বোকাখাত, যোৰহাট, তিতাবৰ, মৰিয়নি, টীয়ক, থাওৰা, শিৱসাগৰ, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, জোনাই, মৰান, ডিব্রুগড়, লাহোৱাল, দুলীয়াজান, ডুমডুমা, মাজুলী, আমগুৰি, নাজ়িৰা আৰু শদিয়া।