NORTHEAST NOW (Assamese)

ৰিপ’ৰ্ট নিগেটিভ,চিকিৎসকৰ মৃত্যু পিছে ক’ৰ’ণাৰ লক্ষণত

July 4, 2020 7:07 pm · এন ই নাও নিউজ

 

এগৰাকী চিকিৎসক। নাম অভিষেক ভায়ানা।২৬ বছৰীয়া এই গৰাকী চিকিৎসকৰ মৃত্যুৰ কাৰণক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক ৰহস্যৰ।

ক’ৰ’ণা ভাইৰাছে মহা সংহাৰৰ সৃষ্টি কৰা নতুন দিল্লীৰ এখন চিকিৎসালয়ত কৰ্মৰত অভিষেক ভায়ানা নামৰ চিকিৎসক গৰাকীয়ে বিগত প্ৰায় ১০ দিন ধৰি ভুগি আছিল জ্বৰত।

নতুন দিল্লীৰ মৌলানা আজাদ ইনষ্টিটিটত কাম কৰা চিকিৎসক গৰাকীয়ে যিহেতু ক’ৰ’ণা ৰোগীৰ চিকিৎসাতেই জড়িত সেই বাবেই তেওঁ ক’ৰ’ণাত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰি ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰোৱাইছিল।

কিন্তু প্ৰথম বাৰৰ পৰীক্ষাত তেওঁৰ দেহত ক’ৰ’ণা ভাইৰাছৰ কোনো অৱস্থিতি পোৱা নগ’ল। তথাপি তেওঁ জ্বৰৰ পৰা মুক্ত নোহোৱাত কিছুদিন পিছত পুনৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰোৱায়।

এইবাৰো তেওঁৰ দেহত ক’ৰ’ণাৰ কোনো চিন পোৱা নগ’ল। চিকিৎসক হোৱা সূত্ৰেই অভিষেকে কিন্তু নিজে ক’ৰ’ণাত আক্ৰান্ত হোৱা বুলি একপ্ৰকাৰ নিশ্চিত হৈছিল।

কিন্তু পৰীক্ষাৰ ৰিপ’ৰ্টত ক’ৰ’ণাৰ উপস্থিতি ধৰা নপৰাত তেওঁ বিপাঙত পৰিছিল।ক’ৰ’ণাত আক্ৰান্ত হ’লে যিবোৰ লক্ষণে দেখা দিয়ে সেই সকলোবোৰ লক্ষণেই অভিষেকৰ দেহত আছিল।

অৱশেষত জ্বৰ, কাঁহ আৰু শ্বাস কষ্টত ভুগি অভিষেকে শেষ নিশ্বাস ত্যাগ কৰিলে। ক’ৰ’ণাৰ সকলো লক্ষণ থকাৰ পিছতো ৰিপ’ট নিগেটিভ অহাৰ কথাই এতিয়া অভিষেকৰ পৰিয়ালক দোমোজাত পেলাইছে।

Related News