NORTHEAST NOW (Assamese)

ৰাজ্যত পুনৰ নতুনকৈ কৰ’নাত আক্ৰান্ত ২৬৭ গৰাকী; আক্ৰান্তৰ সংখ্যা ৫৮৫৩জনলৈ বৃদ্ধি

June 23, 2020 7:02 am · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যত ৫৮৫৩ গৰাকীলৈ বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা।

সোমবাৰে নিশা নতুনকৈ আৰু ২৬৭জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ।

নতুনকৈ আক্ৰান্ত সকলৰ জিলা ঠাইৰ নাম উল্লেখ কৰা নাই স্বাস্থ্য মন্ত্ৰীয়ে।

ৰাজ্যখনত সক্ৰিয় কোভিড-১৯ ৰোগীৰ সংখ্যা হৈছে ২২৭৬ জন।

আনহাতে, মুঠ ৩৫৬৫ জন ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে।

অসমত কোভিড-১৯ৰ ফলত এতিয়ালৈকে ৯জন লোকৰ মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

দেওবাৰে নিশাও একেলগে আক্ৰান্ত হৈছিল ১৯৮ গৰাকী।

তদুপৰি, দেওবাৰে দিনৰ ভাগত ১৩৩ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।

দিনৰ ভাগত চিনাক্ত হোৱা সকলৰ ৭৩ গৰাকী কামৰূপ (মহানগৰ)ৰ, ৩১ গৰাকী নগাঁৱৰ, ১৮ গৰাকী যোৰহাটৰ, ৫ গৰাকী ওদালগুৰীৰ, ২ গৰাকী গোলাঘাটৰ, ২ গৰাকী মাজুলীৰ, এগৰাকী ধেমাজী আৰু এগৰাকী তিনিচুকীয়াৰ আছিল।

দেওবাৰৰ দিনটোত সৰ্বাধিক ৩৩১ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

Related News