আজি আবেলি ডকমকা কাণ্ডৰ বিৰুদ্ধে কাছাৰীত জুবিনৰ নেতৃত্বত প্ৰতিবাদ

youth

কাৰ্বি আংলঙৰ ডকমকাত দুজনকৈ নিৰ্জু অসমীয়া যুৱকক নৃশংসভাৱে হত্যা কৰা কাণ্ডক লৈ ৰাজ্যৰ চৌদিশে এতিয়াও আছে ক্ষোভ- প্ৰতিবাদৰ জুই।

নীলোৎপল আৰু অভিজিতৰ হত্যাৰ বিৰুদ্ধে সৰ্বস্তৰৰ জনসাধাৰণ ৰাজপথলৈ ওলাই আহি দোষীক দৃষ্টান্তমূলক শান্তি দিয়াৰ দাবী উত্থাপন কৰিছে। ইয়াৰ মাজতে আজি আবেলি ডকমকাৰ নাৰকীয় কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব কণ্ঠশিল্পী জুবিন গাৰ্গে।

ছ’চিয়েল মিডিয়াত জুবিন গাৰ্গে এই সন্দৰ্ভত সদৰী কৰি কয় যে আজি মহানগৰীৰ কাছাৰীত বিয়লি ৪ বজাত মৌন প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।জানিব পৰা মতে জুবিনৰ নেতৃত্বত নীলোৎপল আৰু অভিজিত হত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদত অংশ ল’ব বহুসংখ্যক লোকে। এনে সময়ত প্ৰতিটো জাতি জনগোষ্ঠীক শান্তি- সম্প্ৰীতি বজাই ৰাখি ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছে কণ্ঠশিল্পী গৰাকীয়ে।

উল্লেখযোগ্য যে কালি মহানগৰীৰ চানমাৰি কমাৰ্চ পইণ্টত ছাত্ৰ-ছাত্ৰী আৰু শিল্পীসমাজ একত্ৰিত হৈ কাৰ্বি আংলঙত নৃশংসতাৰ বলি হোৱা গুৱাহাটীৰ যুৱক দুজনৰ ন্যায় দাবী কৰি মমবাতি জ্বলাই প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰাৰ ফলত কেইবাজনো আহত হৈছিল।

সেয়েহে আজি জুবিন গাৰ্গে আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী- প্ৰশাসনে।