অষ্টলক্ষ্মীক পুনৰ উপেক্ষা: উত্তৰ পূব সীমান্ত ৰে’লৱেত বিলুপ্তি ঘটিব ৫৫০ পদৰ

ATTACHMENT

প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অষ্টলক্ষ্মী আখ্যা দিয়া উত্তৰ-পূৰ্বাঞ্চলৰ নিৱনুৱাক মাধমাৰ শোধাই উত্তৰ পূব সীমান্ত ৰে’লৱেত চলিত বিত্তীয় বর্ষত মুঠ ৫৫০টা পদৰ বিলুপ্তি ঘটোৱা হ’ব৷

উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰে বছৰি লাখ লাখ নিবনুৱাৰ নিযুক্তিৰ প্ৰতিশ্ৰুতি দি অহাৰ পাছত অতি আশ্চর্যজনকভাৱে ৰে’ল মন্ত্র্যালয়ে সমগ্র ভাৰতৰ ৰে’ল বিভাগৰ ১৬টা মণ্ডলৰ পৰা প্রায় ১১ হাজাৰ পদ বিলুপ্তিৰ নির্দেশনা জাৰি কৰিছে৷ এই পদসমূহ মাণ্ডলিক ৰে’লৱে কৰা জৰীপৰ ভিত্তিত বিলুপ্তি ঘটোৱা হ’ব বুলি জানিব পৰা গৈছে ৷ এই বিলুপ্তিকৰণ প্রক্রিয়া ২০১৯ চনৰ এপ্রিললৈকে শেষ কৰিবলৈ প্রস্তুতি চলাইছে ৰে’ল বিভাগে৷ এই ১৬টা মণ্ডলৰ ভিতৰত উত্তৰ পূব সীমান্ত ৰে’লৱেত প্ৰায় ৫শতাধিক পদ বিলুপ্তি কৰিব কেন্দ্ৰীয় চৰকাৰে।

জানিব পৰা মতে এই পদ বিলুপ্তি ঘটাই ৰে’ল সুৰক্ষা বিভাগটো ব্যক্তিগত প্রতিষ্ঠানৰ হাতত গতাবলৈ সিদ্ধান্ত গ্রহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ প্রাথমিকভাৱে ৰে’ল বিভাগে ৰে’ল পথ নিৰীক্ষণৰ বাবে পেট্রলিঙৰ কামটো ঠিকাদাৰৰ হাতত গতাবলৈ প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে৷ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ নিউ বঙাইগাঁৱৰ অন্তর্গত ৰে’ল পথ নিৰীক্ষণৰ বাবে প্রায় ৪ কোটি টকাৰ নিবিদা আহ্বানেৰে ব্যক্তিগতকৰণৰ দিশে গতি কৰিছে৷

কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তত সম্প্ৰতি জাঙুৰ খাই উঠিছে এন এফ ৰে’লৱে মজদুৰ ইউনিয়ন৷ ৰে’লত বৃহৎ সংখ্যক পদ বিলুপ্তিৰ বাবে যি প্রস্তুতি চলাইছে এই কার্যই ৰে’ল শ্রমিকসকলৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

এনে পৰিপ্রেক্ষিতত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে ব্যাপক আন্দোলনৰ কার্যসূচী হাতত লৈছে৷ ইতিমধ্যে যোৱা ৯ জুনৰ পৰা এন এফ ৰে’লৱেত প্রতিবাদ সপ্তাহ পালন কৰি মহাপ্রবন্ধকলৈ স্মাৰক-পত্র প্রেৰণ কৰিছে ইউনিয়নে ৷

আনহাতে অহা ১৫ জুনত ৰঙিয়া মণ্ডলৰ মাণ্ডলিক প্রবন্ধকৰ কার্যালয় প্রাংগণত ধর্ণা কার্যসূচীৰে প্রতিবাদ সাব্যস্ত কৰিব ইউনিয়নৰ কাৰ্যকৰ্তাই ৷ এই ধর্ণা কার্যসূচীত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ তিনিচুকীয়া, লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ, কাটিহাৰৰ বহু শ্রমিকৰ উপৰি কেন্দ্রীয় শ্রমিক নেতাসকলৰ লগতে অল ইণ্ডিয়া ৰে’লৱে মেনছ ফেডাৰেশ্যনৰ নেতাসকলেও যোগদান কৰিব বুলি ইউনিয়নৰ এক সূত্ৰই প্ৰকাশ কৰিছে৷ সম্প্ৰতি উত্তৰ পূবত এই বৃহৎ সংখ্যক পদ বিলুপ্তিৰ বিষয়টোৱে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।