NORTHEAST NOW (Assamese)

অসমত ২৭৯৬ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৪.৫৫%

August 13, 2020 10:14 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

২৭৯৬গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

এইসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৪১৮, কাছাৰৰ ৩০৭, কামৰূপৰ ২৪৮ আৰু ডিব্ৰুগড়ৰ ২০৭গৰাকী ব্যক্তি।

যোৱা ২৪ ঘণ্টাত সম্পন্ন ৬১,৩১৮টা টেষ্টত এইসকল ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ বুধবাৰতকৈ বৃহস্পতিবাৰে কিছু বৃদ্ধি পাইছে।

বুধবাৰে পজিটিভৰ হাৰ ৩.২ শতাংশ হোৱাৰ বিপৰীতে বৃহস্পতিবাৰে ই ৪.৫৫ শতাংশলৈ বৃদ্ধি পাইছে।

ইফালে আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু বৃহস্পতিবাৰলৈকে ৰোগবিধত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬৯লৈ বৃদ্ধি পাইছে।

বিপৰীতে অসমত এতিয়ালৈকে চিনাক্ত ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা ৭১,৭৯৫লৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে ৪৭,২০৯গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৪,৪১৪ (।)

Related News