১৯খন কৰ্কট প্ৰতিষ্ঠানৰ ভূমি পূজনৰ বাবে খানাপাৰাত উপস্থিত বিজেপিৰ ৰাজ্যিক সভাপতি অমিত শ্বাহ

ATTACHMENT

এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি পুৱা গুৱাহাটীত উপস্থিত হৈছেহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।

ৰাজ্যত নতুনকৈ স্থাপন হ’বলগীয়া ১৯খন কৰ্কট প্ৰতিষ্ঠানৰ ভূমি পূজনত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উপস্থিত হৈছেহি।উল্লেখ্য যে টাটা ট্ৰাষ্টৰ সহযোগিতাত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাসী প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনৰ লগতে উত্তৰ- পূবৰ লোকসকলক সুলভ স্বাস্থ্য সেৱা উপলব্ধ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

সেই উদ্দেশ্যে অনুষ্ঠিত আজিৰ অনুষ্ঠানত ৰতন টাটাৰ লগতে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই, অৰুনাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, স্বাস্থ্য বিভাগৰ  ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাউপস্থিত আছে।

ইয়াৰ পূৰ্বে আজি পুৱা অমিত শ্বাহক লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত এখন ফুলাম গামোচাৰে আদৰণি জনাই মুখ্য মন্ত্ৰী সোণোৱালে।

বিজেপিৰ আম্ভ্যন্তৰীণ সূত্রই প্ৰকাশ কৰা অনুসৰি অমিত শ্বাহে ব্ৰক্ষ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত দলীয় মন্ত্ৰী- বিধায়কসকলৰ সৈতে ভাগে ভাগে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিব।

বিশেষকৈ সমাগত লোকসভা নিৰ্বাচনৰ ৰণনীতি তৈয়াৰ কৰাৰ কাৰণে অমিত শ্বাহে এই ভ্ৰমণত গুৰুত্ব দিছে বুলি জানিব পৰা গৈছে।