পষেকৰ দ্বিতীয়টো এচিড আক্ৰমণ : নগাঁৱৰ সৰিয়হবাৰীত কলেজীয়া ছাত্ৰীৰ ওপৰত এচিড আক্ৰমণ

IMG-20181018-WA0037-1

অসমত এইবাৰ আৰম্ভ হৈছে এচিদ আক্ৰমণৰ ধাৰাবাহিক ঘটনা। নাৰীজনিত অপৰাধীৰ ৰম্যভূমি হৈ পৰা অসমত  অপৰাধৰ মাত্ৰাই শেহতীয়াভাৱে সকলো অতিক্ৰম কৰাৰ উপক্ৰম হৈছে। যোৱা ৯ অক্টোবৰত লখিমপুৰৰ বান্দৰদেৱাত এগৰাকী কলেজীয়া ছাত্ৰীক এটিড আক্ৰমণৰ ঘটনা মাৰ নৌ-যাওতেই এইবাৰ নগাঁও জিলাৰ কলিয়াবৰৰ সৰিয়হবাৰীত সংঘটিত হৈছে আন এক এচিড আক্ৰমণৰ ঘটনা।

ঘটনাৰ বিৱৰণি অনুসৰি, আজি নিশা প্ৰায় ১-৩০ মান বজাত আক্ৰান্ত যুৱতীগৰাকী আৰু যুৱতীগৰাকীৰ পৰিয়ালৰ ওপৰত সংঘটিত হয় এচিড আক্ৰমণৰ ঘটনা।

আততায়ী সঞ্জয় সৰকাৰ

আক্ৰান্ত যুৱতীগৰাকীয়ে তেওঁৰ মাক আৰু ককায়েকৰ সৈতে দুৰ্গা পূজা চাই আজি নিশা ১-৩০ মান বজাত ঘৰলৈ উভতি আহি বাথৰুমলৈ যাওঁতে সঞ্জয় সৰকাৰ নামৰ যুৱকজনে তেওঁলৈ লক্ষ্য কৰি এচিড নিক্ষেপ কৰে। উক্ত আক্ৰমণত যুৱতীগৰাকীৰ লগতে তেওঁৰ মাক আৰু ককায়েকো অতি বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। তেওঁলোকক ততাতায়াকৈ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আক্ৰমণ সংঘটিত কৰি সঞ্জয় সৰকাৰ ঘটনাস্থলীৰ পৰা নিৰাপদে আঁতৰি যাবলৈ সক্ষম হয়।জানিব পৰা গৈছে যে্ যুৱতীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে সঞ্জয়ে যুৱতীগৰাকীক এইদৰে এচিডেৰে আক্ৰমণ কৰে।

সৰিয়হবাৰীৰ স্থানীয় বাসিন্দাসকলে যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ লগতে অপৰাধীক কৰায়ত্ব কৰাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনাইছে।