একেদিনাই কেন্দ্ৰীয় টেট আৰু পঞ্চায়ত নিৰ্বাচন; বিপাঙত হেজাৰ হেজাৰ পৰিক্ষাৰ্থী

DElEd

প্ৰতিনিধিত্বমূলক ছবি।

ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব নে নহয় তাক লৈ সৰৱ চৰ্চা চলি থকাৰ সময়তে সোমবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে এক সংবাদমেল যোগে অহা ৫ আৰু ৯ ডিচেম্বৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল। আৰু এই নিৰ্বাচনকলৈ এতিয়া বিপাঙত পৰিছে ৰাজ্যৰ হেজাৰ হেজাৰ পৰিক্ষাৰ্থী।

উল্লেখ্য যে অহা ৯ ডিচেম্বৰত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চি বি এছ ই) সমগ্ৰ দেশৰ লগতে অসমতো অনুষ্ঠিত কৰিব চি-টেট। আৰু সেই দিনটোতে ৰাজ্যত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন।

পঞ্চায়ত নিৰ্বাচনৰ দিনাই চি-টেট অনুষ্ঠিত কৰিলে পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সাজু হৈ থকা অসমৰ হাজাৰ হাজাৰ শিক্ষিত নিৱনুৱা যুৱক-যুৱতী বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব বুলি ব্যক্ত কৰিছে ডি এল এড সন্থাই।

সংগঠনটোৱে কয় যে নিৰ্বাচন উপলক্ষে ৰাজ্যৰ প্ৰশাসনে অধিকাংশ বাণিজ্যিক যান-বাহন অধিগ্ৰহণ কৰিব। যাৰ ফলত পৰীক্ষা কেন্দ্ৰলৈ যাওঁতে পৰীক্ষাৰ্থীসকলে যথেষ্ট সমস্যাত পৰিব।

ইয়াৰ উপৰি পৰীক্ষাৰ বাবে যুৱক-যুৱতীসকলে নিৰ্বাচনত ভোটদান কৰাৰ পৰাও বঞ্চিত হ’বলগীয়া হ’ব। সেয়ে এই সকলোবোৰ বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অহা ৯ ডিচেম্বৰৰ পৰিৱৰ্তে অন্য এটা দিনত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সংগঠনটোৱে দাবী জনাইছে ৰাজ্যিক নিৰ্বাচন আয়োগক।