• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা, অধিসূচনা জাৰি; প্ৰযোজ্য হ’ল নিৰ্বাচনী আচৰণবিধি

ৱাৰ্ড মেম্বাৰকে ধৰি মুঠ পদ ২৬,৮০৮টা

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , November 5, 2018 6:47 pm

2 min read

Panchayat-elections-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

560
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ অশান্ত ৰাজনৈতিক বাতাবৰণৰ মাজতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে। আজি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া হৰেন্দ্ৰ নাথ বৰাই এখন সংবাদমেলত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰি অধিসূচনা জাৰি কৰে।

সেইমতে এই নিৰ্বাচন দুটা পৰ্য্যায়ত ক্ৰমে অহা ৫ ডিচেম্বৰ (বুধবাৰ) আৰু ৯ ডিচেম্বৰ (দেওবাৰ)ত সম্পন্ন হ’ব। ভোট গণনা হ’ব ১২ ডিচেম্বৰত।

তাৰ বাবে আজিৰ পৰাই নিৰ্বাচনী আচৰণবিধি প্ৰযোজ্য হয়। হাউছফেডত থকা ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাৰ্য্যালয়ত আয়োজিত সংবাদমেলখনত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই নিৰ্বাচন সম্পৰ্কীয় সকলো বিধি-নিয়মাৱলী দাঙি ধৰে।

প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন ১৫ নৱেম্বৰ আৰু দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন ১৯ নৱেম্বৰ। মনোনয়ন পৰীক্ষা কৰাৰ তাৰিখ ক্ৰমে ১৬ নৱেম্বৰ আৰু ২০ নৱেম্বৰ। আনহাতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২০ আৰু ২২ নৱেম্বৰ।

সংবাদমেলত ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই জনায় যে ৰাজ্যখনৰ ২৬খন এই নিৰ্বাচন।

নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া পদবোৰ হ’ল-

৪২০টা জিলা পৰিষদৰ সদস্য পদ,

২১৯৯টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদ, ২১৯৯টা গাওঁ পঞ্চায়তৰ সভাপতি পদ, ২১৯৯০টা ৱাৰ্ড মেম্বাৰৰ পদ।

মুঠ ভোটাৰৰ সংখ্যা ১,৫৬,৪১,৪৫৬। ইয়াৰে পুৰুষ ভোটাৰ ৮১২৩৮৩৫জন আৰু

মহিলা ভোটাৰ ৭৫১৭৬২১গৰাকী। এই ভোটাৰৰ সংখ্যা বিগত পঞ্চায়ত নিৰ্বাচনতকৈ ২১.৪৯ শতাংশ বেছি।

প্ৰথম পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া জিলাকেইখন হ’ল- তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰাহাট, মাজুলী, গোলাঘাট, নগাওঁ, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, মৰিগাওঁ, কামৰূপ (মহানগৰ), কামৰূপ।

দ্বিতীয় পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া জিলাকেইখন হ’ল- নলবাৰী, বৰপেটা, বঙাইগাওঁ, ধুবুৰী, দক্ষিণ শালমৰা মানকাচৰ, গোৱালপাৰা, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু হোজাই।

সংবাদমেলত হৰেন্দ্ৰ নাথ বৰাই জনোৱামতে, নিৰ্বাচনটো পৰিচালনাৰ বাবে মুঠ পুঁজি ১৪৯,৯১,৪০,৯০৫ টকা ধাৰ্য্য কৰা হৈছে। এই নিৰ্বাচনত আনুমানিক ১৫৬২৫৫জন বিষয়া-কৰ্মচাৰী দৰকাৰ হ’ব।

মুঠ ভোটকেন্দ্ৰ থাকিব ২৩,৫০৫টা। তাৰে ৮২৪৩টা স্পৰ্শকাতৰ আৰু ৩৬৬৫টা অতি স্পৰ্শকাতৰ।

পূৰ্বৰ দৰেই বেলটৰ জৰিয়তে হ’ব এই নিৰ্বাচন। আনহাতে বিষয়াজনে এই নিৰ্বাচনত একোজন প্ৰাৰ্থীয়ে সৰ্বাধিক খৰচ কৰিব পৰা টকাৰ পৰিমাণো ঘোষণা কৰে। সেই হিচাপ এনে ধৰণৰ-

জিলা পৰিষদৰ সদস্য পদ : সৰ্বাধিক ৬,৪০,০০০ টকা।

আঞ্চলিক পঞ্চায়তৰ সদস্য পদ : সৰ্বাধিক ১,৬০,০০০ টকা।

গাওঁ পঞ্চায়তৰ সভাপতি পদ : সৰ্বাধিক ১,৬০,০০০ টকা।

ৱাৰ্ড মেম্বাৰ : সৰ্বাধিক ১৬,০০০ টকা।

উল্লেখযোগ্য যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা প্ৰাৰ্থীয়ে চৰকাৰে এই বছৰৰ আৰম্ভণিতে সংশোধন কৰা পঞ্চায়ত আইনে নিৰ্ধাৰণ কৰি দিয়া যোগ্যতাসূচক চৰ্তবোৰ পূৰালেহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব।

Recent News

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd