• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা, অধিসূচনা জাৰি; প্ৰযোজ্য হ’ল নিৰ্বাচনী আচৰণবিধি

ৱাৰ্ড মেম্বাৰকে ধৰি মুঠ পদ ২৬,৮০৮টা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 5, 2018 5:03 pm
Panchayat-elections-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ অশান্ত ৰাজনৈতিক বাতাবৰণৰ মাজতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে। আজি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া হৰেন্দ্ৰ নাথ বৰাই এখন সংবাদমেলত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰি অধিসূচনা জাৰি কৰে।

সেইমতে এই নিৰ্বাচন দুটা পৰ্য্যায়ত ক্ৰমে অহা ৫ ডিচেম্বৰ (বুধবাৰ) আৰু ৯ ডিচেম্বৰ (দেওবাৰ)ত সম্পন্ন হ’ব। ভোট গণনা হ’ব ১২ ডিচেম্বৰত।

Apply Now

তাৰ বাবে আজিৰ পৰাই নিৰ্বাচনী আচৰণবিধি প্ৰযোজ্য হয়। হাউছফেডত থকা ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাৰ্য্যালয়ত আয়োজিত সংবাদমেলখনত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই নিৰ্বাচন সম্পৰ্কীয় সকলো বিধি-নিয়মাৱলী দাঙি ধৰে।

প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন ১৫ নৱেম্বৰ আৰু দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন ১৯ নৱেম্বৰ। মনোনয়ন পৰীক্ষা কৰাৰ তাৰিখ ক্ৰমে ১৬ নৱেম্বৰ আৰু ২০ নৱেম্বৰ। আনহাতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২০ আৰু ২২ নৱেম্বৰ।

সংবাদমেলত ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই জনায় যে ৰাজ্যখনৰ ২৬খন এই নিৰ্বাচন।

নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া পদবোৰ হ’ল-

৪২০টা জিলা পৰিষদৰ সদস্য পদ,

২১৯৯টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদ, ২১৯৯টা গাওঁ পঞ্চায়তৰ সভাপতি পদ, ২১৯৯০টা ৱাৰ্ড মেম্বাৰৰ পদ।

মুঠ ভোটাৰৰ সংখ্যা ১,৫৬,৪১,৪৫৬। ইয়াৰে পুৰুষ ভোটাৰ ৮১২৩৮৩৫জন আৰু

মহিলা ভোটাৰ ৭৫১৭৬২১গৰাকী। এই ভোটাৰৰ সংখ্যা বিগত পঞ্চায়ত নিৰ্বাচনতকৈ ২১.৪৯ শতাংশ বেছি।

প্ৰথম পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া জিলাকেইখন হ’ল- তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰাহাট, মাজুলী, গোলাঘাট, নগাওঁ, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, মৰিগাওঁ, কামৰূপ (মহানগৰ), কামৰূপ।

দ্বিতীয় পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া জিলাকেইখন হ’ল- নলবাৰী, বৰপেটা, বঙাইগাওঁ, ধুবুৰী, দক্ষিণ শালমৰা মানকাচৰ, গোৱালপাৰা, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু হোজাই।

সংবাদমেলত হৰেন্দ্ৰ নাথ বৰাই জনোৱামতে, নিৰ্বাচনটো পৰিচালনাৰ বাবে মুঠ পুঁজি ১৪৯,৯১,৪০,৯০৫ টকা ধাৰ্য্য কৰা হৈছে। এই নিৰ্বাচনত আনুমানিক ১৫৬২৫৫জন বিষয়া-কৰ্মচাৰী দৰকাৰ হ’ব।

মুঠ ভোটকেন্দ্ৰ থাকিব ২৩,৫০৫টা। তাৰে ৮২৪৩টা স্পৰ্শকাতৰ আৰু ৩৬৬৫টা অতি স্পৰ্শকাতৰ।

পূৰ্বৰ দৰেই বেলটৰ জৰিয়তে হ’ব এই নিৰ্বাচন। আনহাতে বিষয়াজনে এই নিৰ্বাচনত একোজন প্ৰাৰ্থীয়ে সৰ্বাধিক খৰচ কৰিব পৰা টকাৰ পৰিমাণো ঘোষণা কৰে। সেই হিচাপ এনে ধৰণৰ-

জিলা পৰিষদৰ সদস্য পদ : সৰ্বাধিক ৬,৪০,০০০ টকা।

আঞ্চলিক পঞ্চায়তৰ সদস্য পদ : সৰ্বাধিক ১,৬০,০০০ টকা।

গাওঁ পঞ্চায়তৰ সভাপতি পদ : সৰ্বাধিক ১,৬০,০০০ টকা।

ৱাৰ্ড মেম্বাৰ : সৰ্বাধিক ১৬,০০০ টকা।

উল্লেখযোগ্য যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা প্ৰাৰ্থীয়ে চৰকাৰে এই বছৰৰ আৰম্ভণিতে সংশোধন কৰা পঞ্চায়ত আইনে নিৰ্ধাৰণ কৰি দিয়া যোগ্যতাসূচক চৰ্তবোৰ পূৰালেহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

June 29, 2026 5:17 pm
মুখ্যমন্ত্ৰীৰ ভুৱা পৰিচয়েৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত ঋষিৰাজ বৰকটকী আৰু পত্নী শ্ৰুতি বৰকটকী

মুখ্যমন্ত্ৰীৰ ভুৱা পৰিচয়েৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত ঋষিৰাজ বৰকটকী আৰু পত্নী শ্ৰুতি বৰকটকী

June 29, 2026 4:33 pm
মুকলিকৈ চলিছে অবৈধ তীৰৰ ঘাটি! ধুবুৰীত জুৱাৰীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষোভিত ৰাইজ

মুকলিকৈ চলিছে অবৈধ তীৰৰ ঘাটি! ধুবুৰীত জুৱাৰীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষোভিত ৰাইজ

June 29, 2026 4:23 pm
আৰ্জেণ্টিনাৰ মেচৰ আগতে বিপৰ্যয়! কেপ ভাৰ্ডেৰ অধিনায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, কি ক’লে ফিফাই?

আৰ্জেণ্টিনাৰ মেচৰ আগতে বিপৰ্যয়! কেপ ভাৰ্ডেৰ অধিনায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, কি ক’লে ফিফাই?

June 29, 2026 3:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

June 29, 2026 5:17 pm
মুখ্যমন্ত্ৰীৰ ভুৱা পৰিচয়েৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত ঋষিৰাজ বৰকটকী আৰু পত্নী শ্ৰুতি বৰকটকী

মুখ্যমন্ত্ৰীৰ ভুৱা পৰিচয়েৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত ঋষিৰাজ বৰকটকী আৰু পত্নী শ্ৰুতি বৰকটকী

June 29, 2026 4:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd