আজিৰে পৰা দ্বিতীয় চৰাইদেউ মহোৎসৱ আৰম্ভ

চৰাইদেউ মৈদামস্থলী উন্নয়ণৰ বাবে ৫ কোটি টকা ঘোষণা বিত্ত মন্ত্ৰী ড০ শৰ্মাৰ

IMG-20190102-WA0000

আজিৰে পৰা চৰাইদেউ জিলাত আৰম্ভ হৈছে দ্বিতীয় চৰাইদেউ মহোৎসৱ। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু চৰাইদেউ জিলাবাসীৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে চৰাইদেউ মৈদাম ক্ষেত্ৰত আৰম্ভ হৈছে এই মহোৎসৱ।

আজি পুৱা চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকনে পতকা উত্তোলন কৰি এই মহোৎসৱৰ শুভাৰম্ভ কৰে। তাৰ পিছতেই দ্বিতীয় কাৰ্য্যসূচী অনুসৰি স্মৃতি তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মাণিক গগৈ আৰু বিশিষ্ট অধিবক্তা ডম্বৰু ৰাজকোঁৱৰে লগতে উদযাপন সমিতিৰ কাৰ্য্যকৰি সভাপতি ধৰ্মেশ্বৰ কোঁৱৰে বৃক্ষ ৰোপণ কৰে।  ইয়াৰ পাছতেই অসম চৰকাৰৰ শক্তি তথা গড়কপ্তানী বিভীগৰ ৰাজ্যিক মন্ত্ৰী তপন গগৈয়ে প্ৰদৰ্শনীৰ দ্বাৰ উদ্ধোধন কৰে।

দ্বিতীয় চৰাইদেউ মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য তথা গড়কপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। হেলিপেডৰ পৰা পোনে পোনে চৰাইদেউ মৈদাম-ক্ষেত্ৰলৈ আহি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় প্ৰত্নতাত্বিক প্ৰতিষ্ঠানৰ অধীনত থকা মৈদাম ক্ষেত্ৰত প্ৰৱেশ কৰি মৈদামসমুহ পৰিদৰ্শন কৰাৰ লগতে আহোম পুৰোহিতৰ পৰিচালনাত হোৱা ফুৰালুং আৰু বানফি পূজাত অংশ গ্ৰহণ কৰে। নিজৰ ভাষণ প্ৰসঙ্গত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৈদাম সংৰক্ষণৰ বাবে এক কোটি টকাৰ এক পোকেজ অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰে। তাৰোপৰি চৰাইদেউ মৈদামস্থলী সামগ্ৰিক উন্নয়ণৰ বাবে ৫ কোটি টকা ঘোষণা কৰে।

আনহাতে শিৱসাগৰ সোণাৰি নামৰূপৰ জৰাজীৰ্ণ পথটো চাৰিলেন যুক্ত পথ হিচাপে নিৰ্মাণ কৰাৰ পোষকতা কৰে। এই ক্ষেত্ৰত অহা মাহত চৰকাৰৰ মালা আঁচনিৰ অধীনত কামৰ শুভাৰম্ভ কৰা হব বুলি সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই উদ্বোধন কৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকনে। অনুষ্ঠানত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড° দয়ানন্দ বৰগোহাঁই, প্ৰাক্তন মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক হিৰুণ্য কুমাৰ কোঁৱৰ, এপিজিচিএলৰ উপাধ্যক্ষ অনুপ সিং ৰাজপুৰোহিত, বিজেপি নেত্ৰী সুৰভি ৰাজকুমাৰী, যুৱনেতা প্ৰহ্লাদ গোৱালা, প্ৰবীণ কোঁৱৰ, ময়ুৰ বৰগোহাঁইৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।