NORTHEAST NOW (Assamese)

মিৰ্জাৰ সাংবাদিক নিগ্রহৰ তিনি অভিযুক্তক অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

November 21, 2020 3:01 pm · এন ই নাও নিউজ
Updated: November 21, 2020 3:16 pm

কামৰূপ গ্ৰাম্য জিলাৰ মিৰ্জাৰ সাংবাদিক মিলন মহন্তক আক্ৰমণ কৰা তিনি অভিযুক্তৰ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

যোৱা ১৫ নৱেম্বৰত গুৱাহাটী মহানগৰৰ পৰা ৪৫ কিলোমিটাৰ দূৰত্বত কামৰূপ গ্ৰাম্য জিলাৰ মিৰ্জাত সাংবাদিক  মিলন মহন্তক এটা বিদ্যুতৰ খুঁটা বান্ধি শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল একাংশ জুৱাৰী আৰু ভূ-মাফিয়াই।

এই ঘটনাত জড়িত থকা মাত্ৰ পাঁচজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰে তিনিজনে লাভ কৰিছে  জামিন।

তিনি অভিযুক্ত ক্ৰমে অৱণী ঠাকুৰীয়া, সঞ্জয় ঠাকুৰীয়া আৰু বিশ্বজিৎ দাসক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অজিত বৰঠাকুৰৰ আদালতে ১৫ হাজাৰ টকাৰ বণ্ডত অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে।

উল্লেখ্য যে অসমীয়া প্ৰতিদিন কাকতৰ মিৰ্জাৰ সংবাদাতা ৪২ বৰ্ষীয় মিলন মহন্তই মিৰ্জাত অব্যাহত থকা ৰহমৰমীয়া জুৱাৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাৰ বাবে মাফিয়া তথা জুৱাৰী দলটোৱে বলিউদী ছবিৰ কায়দাৰে আক্ৰমণ কৰি আহত কৰিছিল।

Related News