NORTHEAST NOW (Assamese)

গোলাঘাটত ১০৫ টাকৈ বেটাৰীসহ তিনি বেটাৰী চোৰ গ্ৰেপ্তাৰ

May 23, 2021 4:36 pm · মীনাক্ষী ফুকন

দীৰ্ঘদিন ধৰি গোলাঘাট জিলাত টেলিকম টাৱাৰৰ বেটাৰী চুৰি কৰি বিভাগৰ লগতে গ্ৰাহকৰ মূৰৰ কামোৰণি হৈ পৰা তিনিটাকৈ গভাইত চোৰ অৱশেষত আৰক্ষীৰ জালত পৰিল।

কালি নিশা এক গোপন তথ্যৰ ভিত্তিত গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক মাধুৰ্য প্ৰসাদ বৰুৱা আৰু গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত যোৱা এটি দলে মেৰাপানীৰ পৰা দাস, চফিউল হুছেইন আৰু দেৱেৰাপাৰাৰ পৰা অকণি দাস নামৰ চোৰ তিনিটাক গ্ৰেপ্তাৰ কৰে।

ধৃত চোৰ কেইটাৰ পৰা ১০৫ টাকৈ চুৰি বেটাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হ’য়।

উল্লেখ্য যে এই চুৰি চক্ৰই বহুদিনৰ পৰা জিলাখনৰ তিনি-চাৰিটাকৈ টেলিকম কোম্পানীক নাকত ধৰি চাকত ঘূৰাই আহিছি।

আৰক্ষীয়ে বিশেষ তৎপৰতাৰে চুৰি চক্ৰটো উৎখাত কৰাত কোম্পানী কেইটাৰ লগতে গ্ৰাহকেও স্বত্বিৰ নিশ্বাস পেলাইছে।

Related News