NORTHEAST NOW (Assamese)

গোলাঘাটত সুৰাপায়ী মহিলা চিকিৎসকৰ উপদ্ৰৱ! ট্ৰাকৰ পিছফালে খুন্দিয়াই সংঘটিত কৰিলে দুৰ্ঘটনা

December 29, 2024 10:40 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ‘ইন্টাৰ্ণ’ হিচাপে কাম কৰি থকা তিনিগৰাকী মহিলাই চিকিৎসকে এখন ট্ৰাকৰ পিছফালে খুন্দিয়াই দুৰ্ঘটনা সংঘটিত কৰে।

শুকুৰবাৰে নিশা এখন ভক্সৱেগন টাইগুন গাড়ীৰে গৈ থকা অৱস্থাত ট্ৰাকখনৰ পিছফালে খুন্দা মাৰে।

ট্ৰাকত খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয় তিনিওগৰাকী চিকিৎসক।

খবৰ অনুসৰি গোলাঘাটৰ নুমলীগড়ৰ কমাৰ গাঁও অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনাটো।

অভিযোগ অনুসৰি দুৰ্ঘটনাৰ সময়ত মহিলা চিকিৎসক কেইগৰাকী সুৰামত্ত অৱস্থাত আছিল। লগতে চিকিৎসক কেইগৰাকীৰ গাড়ীৰ ভিতৰত কিছু খালী সুৰাৰ বটল উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

ট্ৰাকখনত খুন্দা মৰাৰ সময়ত তেওঁলোকে অতি তীব্ৰ বেগত আহি আছিল বুলিও অভিযোগ উত্থাপন কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।

দুৰ্ঘটনাৰ পিছত স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে মহিলা কেইগৰাকীক উদ্ধাৰ কৰি গোলাঘাটৰ দেৰগাঁৱৰ এখন চিকিৎসালয়লৈ লৈ যায়।

Related News