কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সমিতিত ৩গৰাকী নতুন সদস্য ভৰ্তি

EM Mangal Sing Timung

স্বায়ত্ব শাসিত পৰিষদৰ সদস্যসকলক কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সমিতিখনত আনুষ্ঠানিকভাৱে ভৰ্তি কৰোৱা হৈছে। বৰ্তমান তেওঁলোক কাৰ্যবাহী সদস্যলৈ উন্নীত হৈছে। স্বায়ত্ব শাসিত পৰিষদৰ সদস্য ৩গৰাকী হৈছে হৰেনসিং বে’, মংগলসিং তিমুং আৰু লুনসিং তেৰন। কাৰ্যবাহী সদস্য হিচাপে স্থান লাব কৰাৰ পাছত তেওঁলোকক কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয়ত কোঠা প্ৰদান কৰা হৈছে।

আজি পুৱা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু তেওঁৰ সহকৰ্মীসকলে নৱ নিযুক্ত সদস্যকেইগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে ২০১৭ চনৰ জুন মাহত অনুষ্ঠিত কৰা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত স্বায়ত্ব শাসিত পৰিষদ সদস্যৰ মুঠ ২৬খন আসনৰ ভিতৰত বিজেপিয়ে ২৪খনত বিজয়ী হৈ পৰিষদ গঠন কৰিছিল।  হৈছিল।

পৰিষদত বে আৰু তেৰন নতুন আৰু তিমুং পুৰণি সদস্য।  কংগ্ৰেছ শাসিত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ তেওঁ কাৰ্যবাহী সদস্য আছিল আৰু মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ সৈতে বিজেপিত যোগদান কৰি পৰৱৰ্তী নিৰ্বাচনত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদলৈ নিৰাবাচিত হৈছিল।

তেৰন স্বায়ত্ব শাসিত পৰিষদৰ সদস্য হিচাপে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছে আৰু ৰাজনীতিলৈ অহাৰ পূৰ্বে বে’ এগৰাকী ভূতপূৰ্ব বিদ্ৰোহী নেতা অধুনালুপ্ত য়ুপিডিএছৰ সাধাৰণ সম্পাদক আছিল। কাৰ্যবাহী সদস্যসকলক এতিয়ালৈকে দপ্তৰ বিতৰণ কৰা হোৱা নাই যদিও বে’ক গড়কাপ্তানি বিভাগ প্ৰদান কৰা হ’ব পাৰে।