NORTHEAST NOW (Assamese)

মৰ্মান্তিক! উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী টাৱাৰ ভাঙি তিনি শ্ৰমিকৰ মৃত্যু

December 26, 2024 7:42 pm · এন ই নাও নিউজ, গুৱাহাটী

পশ্চিম বংগত হাই ভল্টেজৰ বিদ্যুৎ টাৱাৰ ভাঙি ৩জন শ্ৰমিকৰ মৃত্যু হয়। ঘটনাৰ সময়ত তেওঁলোকে টাৱাৰটোৰ সংস্কাৰৰ কাম কৰি আছিল। কিন্তু হঠাৎ ভাঙি পৰিল। বিশাল টাৱাৰটো খহি পৰাৰ ৩জন  লোকৰ থিতাতে মৃত্যু হয়। সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি এই ঘটনাত আৰু কেইবাজনো লোক আহত হৈছে।

মধ্যপ্ৰদেশৰ সিধি জিলাৰ আমদাদ গাঁৱত এই ঘটনা সংঘটিত হয়। তাত বংগৰ তিনিজন শ্ৰমিকে প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম কৰি আছিল। তেওঁলোকৰ নাম আৰু পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। পিটিআইৰ বাতৰি অনুসৰি বৃহস্পতিবাৰে পুৱাৰে পৰা টাৱাৰটোত শ্ৰমিকসকলে কাম কৰি আছিল। টাৱাৰটো সলনি কৰা হৈছিল। পুৰণি টাৱাৰটো আঁতৰাই সেই ঠাইত নতুন টাৱাৰটো স্থাপন কৰা হৈছিল। নিশা প্ৰায় ১২:৩০ বজাত হঠাতে এটা টাৱাৰ ভাঙি যায়। টাৱাৰটো ইমান সোনকালে ভাঙি গল যে শ্ৰমিকসকলে ইয়াৰ পৰা আঁতৰি যাবলৈও সময় নাপালে।

টাৱাৰ ভাঙি থিতাতে মৃত্যু হয় দুজন লোকৰ। চিকিৎসালয়লৈ নিয়াৰ সময়তে আন এজন ব্যক্তিৰ মৃত্যু হয়। তিনিওজনেই পশ্চিম বংগৰ বাসিন্দা বুলি জানিব পৰা গৈছে। কিন্তু কোন জিলাৰ পৰা মধ্যপ্ৰদেশত কাম কৰিবলৈ গৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ছিধিৰ আৰক্ষী অধীক্ষক ৰবীন্দ্ৰ ভাৰ্মাই জানিবলৈ দিয়া মতে, এই ঘটনাত মুঠ আহত লোকৰ সংখ্যা হৈছে ৬ জন। আহত কেইজন ৰেৱা জিলাৰ সঞ্জয় গান্ধী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। মৃত লোক কেইজন পশ্চিমবংগৰ কোনখন জিলাৰ বাসিন্দা, আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সেই অনুসৰি তেওঁলোকৰ পৰিয়ালক অৱগত কৰা হব।

Related News