গোৱালপাৰাত পুনৰ সলিল সমাধিত ৩গৰাকীকৈ স্কুলীয়া ছাত্ৰী
সলিল সমাধি ঘটা ছাত্ৰীকেইগৰাকী। ছবি- নৰ্থ ইষ্ট নাও।
ব্ৰহ্মপুত্ৰৰ বুকুত যোৱা সপ্তাহত দুটা পৃথক নাও দুৰ্ঘটনাত শিশুকে ধৰি ৪গৰাকীকৈ লোক নিহত হোৱাৰ পিছত বুধবাৰে গোৱালপাৰা চহৰৰ সমীপৰ নবি নগৰত পুখুৰীৰ গভীৰ পানীত সলিল সমাধিত পৰিছে ৩গৰাকীকৈ ছাত্ৰী।
নিহত ছাত্ৰীকেইগৰাকী নবিনগৰ জিচি ঘোষ এম ই স্কুলৰ ৫ম শ্ৰেণীত পঢ়ি থকা তচলিমা খাতুন, ফেলামি খাতুন আৰু নাজিমা বেগম।
১১ বছৰীয়া ছোৱালীকেইজনী পিতবাৰী গাঁৱৰ পুখুৰীটোত সাঁতুৰিবলৈ নামোতেই ঘটনাটো ঘটা বুলি সন্দেহ কৰা হৈছে।
সন্ধিয়ালৈকে ছাত্ৰীকেইগৰাকী উভটি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত স্থানীয় লোকে অৱশেষত তেওঁলোকক পুখুৰীটোৰ পৰা উদ্ধাৰ কৰে।
ঘটনাটোৱে অঞ্চলটোত বিষাদৰ ছাঁ পেলাইছে।