NORTHEAST NOW (Assamese)

যোৰহাটত আটাছুৰ সহযোগত আৰক্ষীয়ে আটক কৰে ৩০ জনকৈ সন্দেহযুক্ত নাগৰিকক

November 5, 2018 10:56 am · এন ই নাও নিউজ

দেওবাৰে অৰ্থাৎ ৪ নৱেম্বৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত যোৰহাট জিলাৰ নকছাৰীৰ পৰা আৰক্ষীয়ে ৩০ জনকৈ সন্দেহযুক্ত নাগৰিকক আটক কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে আটকাধীন সন্দেহযুক্ত ৩০ জন নাগৰিকে যোৰহাট জিলাৰ নকছাৰীৰ ৰতনপুৰৰ দেৱেন দাস নামৰ লোকজনৰ ইটাভাটাত শ্ৰমিক হিচাপে কাম কৰি আছিল।

পিছত এই বিষয়ে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নকছাৰী আঞ্চলিক সমিতিয়ে জানিব পাৰি দেৱেন দাস মালিকানাধীন ইটাভাটাটোত অভিযান চলাই সন্দেহজনক নাগৰিক কেইজনক কৰায়ত্ত কৰে।

ইয়াৰ পিছতে আটাছুৰ কৰ্মকৰ্তাসকলে আৰক্ষীক এই বিষয়টোৰ সন্দৰ্ভত অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সন্দেহজনক লোককেইজনক আটাছুৰ পৰা চমজি লয়।

আনহাতে আটকাধীন সন্দেহজনক লোকেকেইজনে নিজকে মৰিগাঁৱৰ নিৱাসী বুলি কয় যদিও লোককেইজনে আৰক্ষীক কোনো প্ৰমাণ দেখুৱাব নোৱাৰিলে। ইফালে আৰক্ষীয়ে লোককেইজন বাংলাদেশৰ নাগৰিক বুলি সন্দেহ প্ৰকাশ কৰিছে।

Related News