কাৰাগাৰত বন্দী হৈ থকা ৩০ জন বাংলাদেশীক আজি স্বদেশলৈ প্ৰত্যৰ্পণ

bangladeshi-deportation-750x375

ফটো : নৰ্থ-ইষ্ট নাও

ৰাজ্যৰ বিভিন্ন কাৰাগাৰ তথা ডিটেনশ্যন কেম্পত বন্দী হৈ থকা ৩০ জন বাংলাদেশী নাগৰিকক আজি নিজ দেশলৈ ওভতাই পঠিওৱা হয়। এই লোক সকলক ওভতাই পঠিওৱাৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

বাংলাদেশী নাগৰিক কেইজনক ভাৰতীয় সীমান্ত শাখাৰ সহযোগত অসম আৰক্ষীৰ সীমান্ত শাখাই ৰাতিপুৱাৰ ভাগত কৰিমগঞ্জ চহৰৰ ফেৰী কাষ্টম ঘাটেৰে কুশিয়াৰা নৈ পাৰ কৰি বাংলাদেশৰ ছিলেট জিলাৰ জকিগঞ্জ কাষ্টম ঘাটত বাংলাদেশক চমজাই দিয়ে। ৩০ জন বাংলাদেশী নাগৰিকৰ ভিতৰত তিনিগৰাকী মহিলাও আছে।

উল্লেখ্য যে শিলচৰত যোৱা ২২ জুলাইত অনুষ্ঠিত ভাৰত আৰু বাংলাদেশৰ উপায়ুক্ত পৰ্যায়ৰ বৈঠকৰ পাছতেই এই লোক কেইজনক নিজ দেশলৈ প্ৰত্যৰ্পণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

এই লোক কেইজনে বিভিন্ন সময়ত অবৈধভাৱে অসমত প্ৰৱেশ কৰি আৰক্ষীৰ হাতত ধৰা পৰি কাৰাগাৰ তথা ডিটেনশ্যন কেম্পত দীৰ্ঘদিনৰ পৰা আবদ্ধ হৈ আছিল।

উল্লেখ্য যে কৰিমগঞ্জ জিলাৰ সূতাৰকান্দি আৰু ফেৰী কাষ্টম ঘাটেৰে এনেদৰে যোৱা দুটা বছৰত প্ৰায় ৭০জন অবৈধ বাংলাদেশী নাগৰিকক প্ৰত্যৰ্পণ কৰা হৈছে।