অভিশপ্ত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণে অমানিশা নমাই অনা নৰেনৰ কথাৰে

মই মৰাৰ পাছত মোৰ ল’ৰাৰ কি গতি হ’ব? চৰকাৰী সাহায্যবঞ্চিত দুৰ্ভগীয়া মাতৃৰ প্ৰশ্ন

২০০৮ চনৰ অভিশপ্ত ৩০ অক্টোবৰৰ দিনটোত যাত্ৰীৰ বাবে অটোষ্টেণ্ডত অপেক্ষা কৰি আছিল দুৰ্ভগীয়া নৰেনে। ঘৰৰ পৰা নিজৰ একমাত্ৰ জীৱিকাৰ সম্বল অটোখন লৈ ওলাই আহি ষ্টেণ্ডত ৰৈছিলহি নৰেন। তেনেতে হোৱা এটা বিকট শব্দই বহুজনৰ দৰেই দুৰ্ভগীয়া নৰেনৰ জীৱনলৈ নমাই আনিছিল কাল অমানিশা।

ঘৰখনৰ জীৱিকাৰ একমাত্ৰ উৎস নৰেন বোমা বিস্ফোৰণৰ পাছতে চিৰদিনৰ বাবে পঙ্গু হোৱাত এতিয়া দুৰ্ভগীয়া বৃদ্ধ মাতৃৰ ওপৰতে ঘৰ চলোৱা সমগ্ৰ দায়িত্ব। বৃদ্ধ মাতৃয়ে যোৱা ১১ বছৰে আনৰ ঘৰত কাম কৰি চলাই আছে ঘৰখন।

দুৰ্ভগীয়া নৰেন তুমুঙৰ ঘৰ গুৱাহাটীৰ হেঙেৰাবাৰীৰ শিৱনগৰত। মাতৃ গোলাপী তুমুঙৰ সৈতে টিনৰ চালি আৰু তৰ্জা বেৰৰ ঘৰৰ মাজত দিন অতিবাহিত কৰিছে নৰেনে।

‘সেইদিনা মই অটোখনৰে সৈতে গণেশগুৰিৰ ষ্টেণ্ডত ৰৈ আছিলো। মাত্ৰ শব্দটো শুনিলো তাৰ পাছত কি হ’ল গম নাপালো, মোৰ মনত নাই। মোৰ নিজৰ দেহাটোৱে হেৰুওৱাৰ দৰে হ’লো, আগৰ দৰে কাম-বন কৰিব নোৱাৰা হ’লো, গাড়ী চলাব নোৱাৰা হ’লো। এতিয়া মায়ে খুৱাই আছে মোক। নিজেই গাটোও ধুব নোৱাৰো।‘  আমাৰ সাংবাদিকৰ আগত এইদৰে কয় নৰেনে।

তাৎপয্যপূৰ্ণভাৱে কংগ্ৰেছ চৰকাৰৰ দিনতে মাত্ৰ ডেৰ লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰিছিল নৰেনে।

‘কংগ্ৰেছ চৰকাৰৰ দিনত এবাৰ ৫০ হাজাৰ আৰু এবাৰ একলাখ টকা পাইছিলো। বিজেপি চৰকাৰৰ দিনত আমি একো পোৱা নাই।‘ নৰেনৰ ভাষ্য।

আনহাতে, নৰেনৰ দুৰ্ভগীয়া মাতৃ গোলাপী তুমুঙে নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘আজিৰ পৰা ১২ বছৰত সোমাল। গতিকে মই কেনেকৈ আছো, কেনেকৈ খাইছো তাৰ খবৰ চৰকাৰে লোৱাটো দূৰৰে কথা, চৰকাৰৰ মানুহৰ ওচৰত গ’লে আমাৰ নিচিনা মানুহক খাতিৰেই নকৰে। কুকুৰকে অলপ খাতিৰ কৰে নেকি?’

ইপিনে, ঘৰখন পৰিচালনা কৰাত তেওঁ অকলে চৰম অসুবিধাৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰি তেওঁ কয় ‘ৰ’দ দিলে ঘৰৰ ভিতৰত থাকিব পাৰো, বৰষুণ দিলে ঘৰৰ ভিতৰত ভিজি থাকিব লাগে। মই এতিয়া যাম ক’ত, কৰিম কি? যিটো ল’ৰাই উপাৰ্জন কৰি আছিল সি এতিয়া চকুৰ আগত পঙ্গু হৈ বহি আছে।‘

‘চৰকাৰে অলপো নাভাবিলে যে মাক আৰু পুতেক অকলে আছে পঙ্গু পুতেককে কিবা এটা সংস্থাপন দিওঁ চকীদাৰ বা গে’ট কিপাৰ হিচাপে। তলাটো খোলা বা ঝাড়ু দিয়া কামটো সি লাহে লাহে হ’লেও কৰিব পাৰিব। কিমান দৌৰিম আৰু। দৌৰোতে দৌৰোতে বেমাৰতে পৰিছো।‘ দুৰ্ভগীয়া মাতৃয়ে দুখ প্ৰকাশ কৰি কয়।

তেওঁ আৰু কয় ‘মই আজি আছো, কালি মৰি যাম, মই মৰিলে মোৰ ল’ৰাটোৰ গতি কি হ’ব? যিখিনি পইছা দিলে সেইখিনি চিকিৎসাতে শেষ।‘

ইপিনে, চৰকাৰৰ পৰা গেছৰ সংযোগ আৰু ৰেচন কাৰ্ডৰ বাহিৰে একো সাহায্য লাভ কৰা নাই নৰেনৰ মাতৃ গোলাপীয়ে। আনকি ৬৫বছৰীয়া গোলাপীয়ে বৃদ্ধাৱস্থাত পাবলগীয়া পেন্সনৰ বাবে ৪-৫ বাৰ আবেদন কৰিও বিফল হৈছে।

‘চৰকাৰৰ ফালৰ পৰা ৰেচন কাৰ্ড আৰু গেছৰ সংযোগটো পাইছো, তাৰ বাহিৰে একো পোৱা নাই। এবাৰ দুবাৰ নহয়, ৪-৫ বাৰ কাগজ জমা দিয়াৰ পাছতো মই আজিলৈকে পেন্সন নাপালো।‘ নৰেনৰ মাতৃৰ অভিযোগ।