মোদী হ্যায় তো মুমকিন হ্যায়! আমেৰিকাৰ পৰা ঘূৰাই অনা হ’ব চুৰি হোৱা ৩০০ টা প্ৰত্নতাত্ত্বিক সামগ্ৰী

বৰ্তমান আমেৰিকা ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই ভ্ৰমণৰ সময়ত আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰায় ৩০০ টা প্ৰাচীন ভাৰতীয় সামগ্ৰী ঘূৰাই অনা সম্পৰ্কে আমেৰিকাৰ লগত চুক্তি কৰিছে নৰেন্দ্ৰ মোদীয়ে।

উল্লেখ্য যে মোডীৰ শাসনৰ যোৱা ১০ বছৰত আমেৰিকাৰ পৰা মুঠ ৬৪০টা প্ৰাচীন সামগ্ৰী ভাৰতলৈ ঘূৰাই অনা হৈছে।

দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে তেওঁৰ বাসগৃহত বৈঠকত মিলিত হয় মোদীয়ে। সেই দ্বিপাক্ষিক বৈঠকত বাইডেনে ২৯৭টা ভাৰতীয় প্ৰত্নতাত্ত্বিক সম্পদ নৰেন্দ্ৰ মোদীলৈ হস্তান্তৰ কৰে।

ইয়াৰ পিছত বাইডেনক ধন্যবাদ জনাই মোদীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে, “ভাৰতক ২৯৭টা মূল্যৱান প্ৰাচীন সামগ্ৰী ঘূৰাই দিয়াৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু আমেৰিকা চৰকাৰৰ প্ৰতি আমি অত্যন্ত কৃতজ্ঞ।”

আনহাতে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত এক বিবৃতিত কয়, “এই প্ৰাচীন সামগ্ৰীসমূহৰ কেৱল ঐতিহাসিক গুৰুত্বই নাই, ই সভ্যতা আৰু চেতনাৰ বাহকও।”

মন্ত্ৰালয়ে লগতে কয়, “প্ৰাচীন সামগ্ৰীসমূহ প্ৰায় চাৰি হাজাৰ বছৰ পুৰণি। ইয়াৰে অধিকাংশই পূব ভাৰতৰ টেৰাকোটাৰ শিল্পকৰ্ম। ইয়াৰ উপৰিও শিল, ধাতু, কাঠ আৰু হাতীদাঁতেৰে নিৰ্মিত সামগ্ৰী আছে, যিবোৰে ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰম্পৰাৰ প্ৰতীক।”

জ্ঞাত প্ৰাচীন সামগ্ৰীসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল মধ্য ভাৰতৰ দশম-একাদশ শতিকাৰ শিলৰ ‘অপশ্বৰা’, পঞ্চদশ-ষষ্ঠদশ শতিকাৰ জৈন তীৰ্থংকৰৰ ব্ৰঞ্জৰ মূৰ্তি, পূব ভাৰতৰ তৃতীয়-চতুৰ্থ শতিকাৰ টেৰাকোটা ফুলদানি, দক্ষিণ ভাৰতৰ শিলৰ মূৰ্তি।

ইয়াৰ উপৰিও ১৭-১৮ শতিকাৰ দক্ষিণ ভাৰতৰ ব্ৰঞ্জৰ গণেশৰ প্ৰতিমূৰ্তি, ১৫-১৬ শতিকাৰ উত্তৰ ভাৰতত গৌতম বুদ্ধৰ ব্ৰঞ্জৰ মূৰ্তি আৰু ১৭-১৮ শতিকাৰ পূব ভাৰতত ব্ৰঞ্জৰ বিষ্ণুৰ মূৰ্তিও আছে।

আনহাতে, আমেৰিকা ভ্ৰমণৰ সময়ত মোদীয়ে বাইডেনক ৰূপেৰে ভাৰতীয় ৰে’লৱেৰ ভাপ ইঞ্জিনৰ ক্ষুদ্ৰ সংস্কৰণ উপহাৰ দিয়ে। লগতে মোদীয়ে বাইডেনৰ পত্নীক কাশ্মীৰৰ এখন চাদৰ উপহাৰ দিয়ে।