জলমগ্ন ডিব্ৰুগড়; ৩ হাজাৰৰো অধিক বানাক্ৰান্ত আশ্ৰয় শিবিৰত

বছৰটোৰ দ্বিতীয়টো বানৰ কবলত ডিব্ৰুগড়বাসী ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। জিলাখনৰ বহু কেইখন গাঁও বৰ্তমান পানীৰ তলত বুৰ গৈ আছে।

এই পৰ্যন্ত বানে জিলাখনৰ ৭টা ৰাজহ চক্ৰৰ ১১৯খন গাঁৱৰ প্ৰায় ৩৭,০০০ লোকক ক্ষতিগ্ৰস্ত কৰিছে। জিলা প্ৰশাসনে বনাই দিয়া ২৬টা আশ্ৰয় শিবিৰত ৩,১৮৪ গৰাকী বান ক্ষতিগ্ৰস্তই আশ্ৰয় গ্ৰহণ কৰি আছে।

ইতিমধ্যে এজন মাছমৰীয়াই বুঢ়িদিহিং নৈত ডুব গৈ প্ৰাণ হেৰুৱাইছে। যোৱা শুকুৰবাৰে এছ ডি আৰ এফ আৰু অসামৰিক প্ৰতিৰক্ষা দলে মাছমৰীয়াজনৰ মৃতদেহ উদ্ধাৰ কৰে। নিহত লোকজনৰ নাম সঞ্জয় গোৱালা। যোৱা বৃহস্পতিবাৰৰ পৰা তেওঁ সন্ধানহীন হৈ আছিল।

‘আমি পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি আছো। আজি এছ ডি আৰ এফ আৰু অসামৰিক প্ৰতিৰক্ষাৰ দলে ৩খন নাৱেৰে ডিব্ৰুগড়ৰ পূব আৰু পশ্চিম ৰাজহ চক্ৰৰ পৰা ১৮৪ গৰাকী লোকক নিৰাপদ স্থানলৈ আঁতৰাই নিয়ে।‘ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এগৰাকী বিষয়াই কয়।

তেওঁ আৰু কয়, ‘চিকিৎসাকৰ্মীৰ ১১টা দল বনাই তেওঁলোকক বান ক্ষতিগ্ৰস্থ অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে। ২৬টা আশ্ৰয় শিবিৰ আৰু ১৫টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ গঠন কৰা হৈছে। আশ্ৰয় শিবিৰকেইটাত থকা ৩১৮৪ গৰাকী লোকক খাদ্য আৰু আন সাহায্য আগবঢোৱা হৈছে।‘

ইপিনে নেৰানেপেৰা বৰষুণৰ ফলত যোৱা ৪ দিন ধৰি সমগ্ৰ ডিব্ৰুগড় নগৰ পানীত বুৰ গৈছে। অসম্পূৰ্ণ অৱস্থাত থকা ডিব্ৰুগড় ষ্ট’ৰ্ম ৱাটাৰ ড্ৰেইনে’জ প্ৰকল্প (মূল নলা)টোৱে এই কৃৰ্তিম বানপানীৰ মূল কাৰণ।

উক্ত প্ৰকল্পটোৰ বাবে Asian Development Bank-এ ১৬৯.৮৯ কোটি টকা অনুমোদন জনাইছিল যদিও Assam Urban Infrastructure Investment Program (AUIIP) অধীনত আৰম্ভ হোৱা প্ৰকল্পটোৰ কাম ২০১৭ চনৰ পৰা বন্ধ হৈ পৰি আছে।