এ পি এছ চিৰ কেলেংকাৰি : হস্তাক্ষৰৰ নমুনা দিবলৈ অহা ১৯জন ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ

APSC-building.-570x320

এ পি এছ চিৰ কেলেংকাৰিৰ তদন্তই আজি আন এটা নতুন অগ্ৰগতি লাভ কৰিছে। আজি হস্তাক্ষৰৰ নমুনা দিবলৈ কাহিলিপাৰাস্থিত আৰক্ষীৰ বিশেষ শাখাত উপস্থিত হোৱা ১৯গৰাকী ৰাজপত্ৰিত বিষয়াক আজি দুপৰীয়াতে তদন্তকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

এ পি এছ চি কেলেংকাৰিত নতুনকৈ তদন্ত প্ৰক্ৰিয়াৰ সন্মুখীন হোৱা ২০১৬ চনৰ এই ১৯গৰাকী ৰাজপত্ৰিত বিষয়াই আজি আৰক্ষীৰ চমন মতে নিজৰ হাতৰ আখৰৰ নমুনা দিবলৈ আহিছিল।

এটা সূত্ৰই দাবী কৰা মতে বিষয়াকেইজনে উত্তৰবহীৰ ক্ষেত্ৰত জালিয়াতিৰ আশ্ৰয় লোৱাৰ কথা ইতিপূৰ্বে গম পাইছিল যদিও তদন্তকাৰী আৰক্ষীয়ে তেওঁলোকক হাতৰ আখৰৰ নমুনা দিয়াৰ বাবে মাতি অনাৰ কৌশল লয়, যাতে আটাইকেইজনকে একে ঠাইতে গ্ৰেপ্তাৰ কৰিব পাৰে। ইয়াৰ ফলত পূৰ্বৰ কেইবাজনেও পলাতক হৈ থাকি আৰক্ষীৰ বাবে সমস্যাৰ সৃষ্টি কৰাৰ দৰে পৰিস্থিতি এৰাই চলিব পৰা গ’ল।

কিন্তু হাতৰ আখৰৰ নমুনা দিয়াৰ পিছতে আৰক্ষীয়ে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰে। জানিব পৰামতে, আটাইকেইজনে উত্তৰবহীত জালিয়াতিৰে উত্তৰ লিখিছিল বুলি প্ৰথামিক পৰীক্ষাত ধৰা পৰিছে।

এই সকলৰ ভিতৰত আছে  (১) ঋতুৰাজ নেওগ, কৰ অধীক্ষক, (২) নিপন কুমাৰ পাঠক, কৰ পৰিদৰ্শক, (৩) গুলছন ডাইলাগপু, অসম আৰক্ষী সেৱা, (৪) পল্লবী শৰ্মা, অসম আৰক্ষী সেৱা, (৫) ভাৰ্গৱ ফুকন, অসম আৰক্ষী সেৱা, (৬) সুৰঞ্জিতা হাজৰিকা, ডি টি অ’, (৭) উৎপল ভূঞা, (৮) বৰ্ণালী দাস, (৯) সুশোভন দাস, (১০) ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, (১১) মঞ্জুৰ ইলাহী লস্কৰ, (১২) মুন মজুমদাৰ, (১৩) মুস্তাফা আহমেদ বৰভূঞা, (১৪) মঃ চাইবুৰ ৰহমান বৰভূঞা, (১৫) মনিকা তেৰনপী, (১৬) গণেশ চন্দ্ৰ দাস, (১৭) শ্ৰাৱন্তি সেন গুপ্তা, (১৮) দ্বীপশিখা ফুকন আৰু (১৯) লীনা কৃষ্ণ কাকতী।

ইয়াৰে পল্লৱী শৰ্মা তেজপুৰৰ বিজেপি সাংসদ আৰ পি শৰ্মাৰ জীয়েক। আনহাতে  মনিকা তেৰনপী হ’ল এসময়ৰ কংগ্ৰেছী তথা বৰ্তমান বিজেপিৰ হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেঙৰ ভতিজী।

উল্লেখযোগ্য যে আজি পুৱা ১১ বজাৰ পৰা এই হস্তাক্ষৰ পৰীক্ষা লোৱা হৈছিল। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত  ১৩জন এ চি এছ বিষয়া, ৩জন এ পি এছ বিষয়া আৰু এজন ডি টি অ’, এজন কৰ অধীক্ষক আৰু  এজন কৰ পৰিদৰ্শক। এই ১৯ জনকে ধৰি কেলেংকাৰিটোত গ্ৰেপ্তাৰ হোৱা মুঠ ব্যক্তি হ’লগৈ ৬৫ জন।