NORTHEAST NOW (Assamese)

আজিৰে পৰা অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা

December 30, 2020 11:27 am · এন ই নাও নিউজ

কোভিডৰ বাবে দীৰ্ঘদিনৰ জল্পনা কল্পনাৰ অন্তত আজিৰে পৰা চান্দমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা।

আজি বিয়লি ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰিব।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট লেখক তথা চিন্তাবিদ তথাগত ৰয়ৰ লগতে সাহিত্য একাডেমী বঁটা প্ৰাপক অৰুণাচলৰ বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিৰ লগতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে।

৩০ ডিচেম্বৰৰ পৰা ১০ জানুৱাৰিলৈ এইবাৰৰ গুৱাহাটী গ্ৰন্থমেলা অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে, কা’ আন্দোলন আৰু পৰৱৰ্তী সময়ত ক’ৰ’নাৰ বাবে বিগত বৰ্ষত গুৱাহাটী গ্ৰন্থমেলা অনুষ্ঠিত হোৱা নাছিল।

চলিত বৰ্ষতো ক’ৰ’নাৰ সংক্ৰমণৰ বাবে গুৱাহাটী গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছিল যদিও পৰৱৰ্তী সময়ত গ্ৰন্থমেলা সময়মতে অনুষ্ঠিত হোৱাটো নিশ্চিত হয়।

এইবাৰৰ গুৱাহাটী গ্ৰন্থমেলাত ৰাজ্যৰ লগতে কলিকতাকে ধৰি দেশৰ বিভিন্ন স্থানৰ প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব।

Related News