ডিমা হাচাও জিলাত এন আৰ চিৰ বিসংগতিপূৰ্ণ আৱেদনপত্ৰৰ অধিকাংশৰে পৰীক্ষা-নিৰীক্ষা সম্পূৰ্ণ

হাফলং জিলাৰ উপায়ুক্ত।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া ডিমা হাচাও জিলাতো ক্ষিপ্ৰতাৰে চলি আছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নয়নৰ কাম। ডিমা হাচাও  জিলাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম পঞ্জীয়নৰ কাৰণে মুঠ ৪৩০৪৩ খন আৱেদন জমা হয়। ইয়াৰ মাজৰে ১১৮০৭ খন আবেদনত বিসংগতি ওলোৱা বুলি এটা সূত্ৰই জানিবলৈ দিছে। ফলত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অহাৰ লগে লগে নথি-পত্ৰ ভেৰিফিকেইশ্যনৰ কাম নতুনকৈ আৰম্ভ হয়। আনহাতে ৩১ ডিচেম্বৰত ৰাজ্যৰ আন আন জিলাৰ লগত ডিমা হাচাও জিলাতো এন আৰ চিৰ খচৰা প্ৰকাশ কৰা হ’ব বুলি ডিমা হাচাও জিলাৰ উপায়ুক্ত দেৱজ্যোতি হাজৰিকাই  NE NOW ৰ লগত আছুতীয়া সাক্ষাৎকাৰত কয়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নয়নৰ কাৰণ পাহাৰীয়া জিলাখনক মুঠ পাঁচটা চাৰ্কোলত ভাগ কৰাৰ লগতে ২৮টা NSK গঢ়ি তোলা হয়। আনহাতে ৩৮ টা DMI Team গঠন কৰা হয়।
আনহাতে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অহাৰ লগে লগে  ১ ডিচেম্বৰৰ পৰা পূৰ্ণগতিত ভেৰিফিকেইশ্যনৰ কাম আৰম্ভ হয়। ফিল্ডত ৰাতি দহ এঘাৰ বজালৈ নথি পৰীক্ষাৰ কাম চলাইছে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলে।
হাফলঙত ফিল্ডত কাম কৰা এন আৰ চি কৰ্মীৰ লগত কথা পাতোতে তেওঁলোকে কয়, ‘আমাৰ ফিল্ড ভেৰিফিকেইশ্যনৰ কাম প্ৰায় শেষ পৰ্যায়ত। অহা দুই তিনি দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব।’ তেওঁলোকে লগতে কয় যে পাৰ্বত্য জিলাৰ ৰাইজে এই কামত যথেষ্ট সহায় -সহযোগিতা কৰিছে।
বৃহস্পতিবাৰে হাফলং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ গম পোৱা গ’ল যে এন আৰ চিৰ ভেৰিফিকেইশ্যন কৰা, ডাটা Upload ৰ কাম পূৰ্ণগতিত চলি আছে। ৩১  ডিচেম্বৰক লক্ষ্য কৰি এতিয়া প্ৰকৃততে প্ৰতিজনেই ব্যস্ত। জিলাৰ উপায়ুক্ত দেবজ্যোতি হাজৰিকাই কয় যে ১১৮০৭ খন বিসংগতিপূৰ্ণ আৱেদনৰ ভিতৰত কালিলৈকে ৮১৫০ খন আবেদনৰ পৰীক্ষা-নিৰীক্ষাৰ কাম শেষ কৰা হৈছে। তেওঁৰ ভাষ্য অনুসৰি পাৰ্বত্য জিলাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নয়নৰ কামত কোনো বাধা অহা নাই।