NORTHEAST NOW (Assamese)

ইণ্ডোনেছিয়াৰ পিছত এইবাৰ তুৰস্ক: ৬.১ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল উত্তৰ-পশ্চিম তুৰস্ক

November 23, 2022 12:35 pm · এন ই নাও নিউজ, গুৱাহাটী

ইণ্ডোনেছিয়াত সংঘটিত শেহতীয়া ভয়াৱহ ভূমিকম্পৰ পিছতে এইবাৰ ভূমিকম্পই কঁপাই তুলিছে তুৰস্ক। আজি পুৱা উত্তৰ-পশ্চিম তুৰস্কত হোৱা ৬.১ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত ৩৫ গৰাকী লোক আহত হয়।

দেশখনৰ সৰ্ব্ববৃহৎ চহৰ ইস্তানবুলৰ পৰা প্ৰায় ১৭০ কিলোমিটাৰ পূবে এই তীব্ৰ ভূমিকম্পৰ জোকাৰণি অধিক ৰূপত অনুভূত হয় বুলি স্থানীয় প্ৰশাসনে সদৰী কৰিছে।

তুৰ্কী কৰ্তৃপক্ষই এই ভূমিকম্পৰ প্ৰাবল্য ৫.৯ বুলি উল্লেখ কৰাৰ বিপৰীতে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে ভূমিকম্পৰ তীব্ৰতা ৬.১ প্ৰাবল্যৰ বুলি প্ৰকাশ কৰিছে।

জানিব পৰা মতে, এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ডুজচে প্ৰদেশৰ গোলিয়াকা জিলা। দেশৰ কেইবাখনো চহৰত ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছিল বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

তুৰস্ক প্ৰশাসনৰ তথ্য অনুসৰি ভূমিকম্পৰ ফলত ডুজচেত ৩২ গৰাকী, ইস্তানবুলৰ এগৰাকী তথা বলু আৰু জোংগুলডাক প্ৰদেশত আন দুগৰাকীকে ধৰি মুঠ ৩৫ গৰাকী লোক আহত হৈছে।

এই তীব্ৰ ভূমিকম্পৰ পিছত প্ৰায় ৭০ টা ক্ষুদ্ৰ কঁপনিৰ সৃষ্টি হয় বুলি তুৰস্ক প্ৰশাসনে সদৰী কৰিছে। অৱশ্যে এতিয়ালৈকে ভূমিকম্পত নিহতৰ লোকৰ কোনো তথ্য পোৱা নাই বুলি উল্লেখ কৰি প্ৰশাসনে লগতে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ পৰ্যবেক্ষণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে তুৰস্কক বিশ্বৰ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল বুলি গণ্য কৰা হয়। ইতিপূৰ্বেও কেইবাটাও ভয়াৱহ ভূমিকম্পই দেশখনত বিস্তৰ প্ৰভাৱ পেলাইছে।

Related News