কলকাতাৰ আৰ জি কৰ হাস্পতালত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাই সমগ্ৰ দেশতে উত্তাল কৰি তুলিছে। দেশৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এনে পৰিস্থিতিত অল ইণ্ডিয়া মেডিকেল এছ’চিয়েশ্যন আই এম এ (ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন)ৰ উদ্যোগত এক সমীক্ষাৰ আয়োজন কৰা হয়। দেখা গৈছে যে ৩৫ শতাংশ চিকিৎসক নিৰাপত্তাহীনতাত ভুগি আছে। ৰাতিৰ ডিউটি থাকিলে তেওঁলোকৰ ভয় লাগে। এই ৩৫ শতাংশৰ অধিকাংশই মহিলা চিকিৎসক।
আইএমএৰ সদস্যসকলৰ মাজত এই সমীক্ষা চলোৱা হয়। ২৪ ঘন্টাৰ ভিতৰত ৩ হাজাৰ ৮৮৫ গৰাকী চিকিৎসকে এই সমীক্ষাত অংশগ্ৰহণ কৰে। দেশৰ ২২খন ৰাজ্যৰ চিকিৎসকে এই সমীক্ষাৰ প্ৰতি সঁহাৰি জনাইছে বুলি আই এম এয়ে প্ৰকাশ কৰিছে। অংশগ্ৰহণ কৰা ৮৫ শতাংশতকৈ অধিক চিকিৎসকৰ বয়স আছিল ৩৫ বছৰ বা তাতকৈ কম।ইয়াৰ ৬১ শতাংশ ইন্টাৰ্ণ বা কনিষ্ঠ চিকিৎসক।
আই এম এৰ সমীক্ষাৰ ফলাফল অনুসৰি মুঠ ৩৫ শতাংশ চিকিৎসকে কয় যে তেওঁলোকে নিশা কৰ্তব্যৰ সময়ত নিজকে নিৰাপদ অনুভৱ নকৰে। ২৪.১ শতাংশ চিকিৎসকে কয় যে তেওঁলোকে নিশাৰ কৰ্তব্যত নিজকে ‘অসুৰক্ষিত’ অনুভৱ কৰে। আন ১১.৪ শতাংশ চিকিৎসকে ৰাতি ‘অতি অসুৰক্ষিত’ অনুভৱ কৰা বুলি কয়। মুঠ অংশগ্ৰহণকাৰীৰ এক তৃতীয়াংশই নিৰাপত্তাহীন বুলি স্বীকাৰ কৰে।
মন কৰিবলগীয়া যে বৰ্তমান দেশৰ ৬৩ শতাংশ চিকিৎসক মহিলা। আই এম এৰ সমীক্ষাত অংশগ্ৰহণ কৰা ৪৫ শতাংশ চিকিৎসকে ৰাতি কৰ্তব্যত থাকিলেও প্ৰয়োজনীয় কোঠা বা ‘ডিউটি ৰুম’ নাপায় বুলি কয়। ফলত তেওঁলোকৰ মাজত নিৰাপত্তাৰ অভাৱ বেছি হৈ পৰিল। ‘ডিউটি ৰুম’ পোৱাসকলে তুলনামূলকভাৱে অধিক নিৰাপত্তা অনুভৱ কৰিছিল। ‘ডিউটি ৰুম’ উপলব্ধ নোহোৱাৰ বাবে চিকিৎসকসকল অন্য ঠাইত থাকিব লগা হয়, য’ত বেছিভাগ সময়তে পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা নাথাকে। বহুতে ‘ডিউটি ৰুম’ থাকিলেও প্ৰয়োজনীয় শৌচাগাৰ নাই বুলিও কয়। ফলত প্ৰয়োজন হ’লে ৰাতি ‘ডিউটি ৰুম’ৰ পৰা ওলাই যাব লগা হয়। বহুতে তেতিয়া ভয় খাইছিল। বহুতে ‘ডিউটি ৰুম’ থাকিলেও মূল কৰ্মস্থলীৰ পৰা যথেষ্ট দূৰৈত বুলিও কৈছিল। তেনে ক্ষেত্ৰত তেওঁলোকে ‘ডিউটি ৰুম’ ব্যৱহাৰ কৰাত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।