কোৱাৰেন্টাইনৰ পৰা পলাল ৩৫ জন সন্দেহজনক কৰ’না ৰোগী, ২৯জনৰ বিৰুদ্ধে দাখিল এজাহাৰ

3corona1_6

প্ৰতিনিধিত্বমূলক ফটো

ভাৰতত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাৰ মাজতে বহু ঠাইত লোকৰ অজ্ঞানতাৰ বাবে পৰিস্থিতি জটিল হৈ পৰিছে।

উত্তৰ প্ৰদেশত ৰাজ্য চৰকাৰ তথা প্ৰশাসনে ২১ দিনীয়া লকডাউনৰ সময়ছোৱাত কৰ’নাৰ প্ৰভাৱ ৰোধ কৰাৰ বাবে সৰ্বাত্মক প্ৰচেষ্টা চলাই থকাৰ মাজতে হাথৰছ জিলাত কোৱাৰেন্টাইন চেন্টাৰৰ পৰা প্ৰায় ৩৫জন সন্দেহজনক কৰ’না ভাইৰাছ আক্ৰান্ত লোকে পলায়ন কৰে।

জানিব পৰা মতে, হাথৰছ জিলাৰ সাদাবাদ থানাৰ অন্তৰ্গত কস্বা বিসাৱৰৰ প্ৰাথমিক বিদ্যালয়ত আন ৰাজ্যৰ পৰা অহা ৩৫জন লোকক কোৱাৰেন্টাইন কৰা হৈছিল।

কিন্তু প্ৰশাসনৰ অৱহেলাৰ বাবে আটাইকেইজন লোকেই নিশা সুযোগ বুজি পলায়ন কৰে। বিষয়টো  প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাৰ পাছত এতিয়া ব্যৱস্থা গ্ৰহণৰ দিহা কৰা হৈছে।

জিলা উপায়ুক্ত প্ৰবীণ কুমাৰ লক্ষকাৰে পলায়ন কৰা লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা সদৰী কৰিছে।

ইপিনে, চৰকাৰী কামত গাফিলতি কৰাৰ বাবে পঞ্চায়ত সচিবক তৎকালীনভাৱে নিলম্বিত কৰা হৈছে।

জিলা উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে এই লোকসকল বাহিৰৰ ৰাজ্যৰ পৰা আহিছিল। কিন্তু তেওঁলোক এই গাঁৱৰ ওচৰ-পাজৰৰে আছিল যিসকলে সুযোগ বুজি নিজৰ ঘৰলৈ গুচি যায়। কিন্তু পাছত ৬জন লোক পুনৰ ঘুৰি আহে।

এই সন্দৰ্ভত ২৯জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ নিৰ্দেশ দিয়া হৈছে।