NORTHEAST NOW (Assamese)

পানীত পৰি প্ৰতিদিনে মৃত্যু হয় ৩৫০ জন লোকৰ : স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন

August 2, 2024 7:01 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: August 1, 2024 8:27 pm

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এক উদ্বেগজনক তথ্য। বিশ্বত প্ৰতিদিনেই পানীত পৰি মৃত্যু হৈছে ৩৫০ জনলৈ লোকৰ।

যোৱা ২৫ জুলাইত ‘বিশ্ব ডুব যোৱা প্ৰতিৰোধ দিৱস’ উপলক্ষ্যে বিশ্ব স্বাস্থ্য সংস্থাই সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই প্ৰতিবেদন প্ৰকাশ কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়াৰ আঞ্চলিক সঞ্চালক ছাইমা ৱাজেদে এই তথ্যসমূহ প্ৰকাশ কৰে।

সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি বিশ্বত প্ৰতি ঘণ্টাত ২৬ জন ব্যক্তিৰ মৃত্যু পানীত ডুব যোৱাৰ বাবে হয়। পানীত ডুবি দিনে মৃত্যু হয় ৩৫০ জনকৈ লোকৰ।

পানীত ডুবাৰ ফলত সমগ্ৰ বিশ্বত বছৰি ২ লাখ ৩৬ হাজাৰ লোকৰ মৃত্যু হয়।  ইয়াৰে ১ৰ পৰা ১৪ বছৰ বয়সৰ নাবালকৰ সংখ্যা ৮২ হাজাৰ।

ছাইমা ৱাজেদে কয়, ‘২০১৯ চনত দক্ষিণ-পূব এছিয়াত কেৱল পানীত ডুব যোৱাৰ বাবেই ৭০,০৩৪ জন লোকৰ মৃত্যু হৈছিল।

তেওঁ আৰু কয় যে এইবোৰৰ অধিকাংশ ঘটনা মৃতকৰ ঘৰৰ সমীপতে সংঘটিত হৈছে। মূলতঃ সাৱধানতাৰ অভাৱৰ বাবেই দুৰ্ঘটনা সংঘটিত হয়। আমি অধিক সচেতন হোৱা উচিত। ইয়াৰ বাবে স্থানীয় প্ৰশাসন আগবাঢ়ি আহিব লাগে। মানুহৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে। জলাশয়ৰ চাৰিওকাষৰ সুৰক্ষা নিশ্চিত কৰিব লাগে। তেতিয়াহে এই মৃত্যু ৰোধ কৰিব পৰা যাব।

Related News