মোডী বিৰোধী পোষ্টাৰক লৈ ৩৬ টা গোচৰ, ৬ জনক গ্ৰেপ্তাৰ

দিল্লীৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য তথা সমালোচনা কৰি পোষ্টাৰ লগোৱাৰ পিছতেই আৰম্ভ হৈছে আৰক্ষীৰ দমনমূলক পন্থা। ইতিমধ্যে পোষ্টাৰ লগোৱাৰ বিৰুদ্ধে ৩৬ টা গোচৰ ৰুজু হোৱাৰ লগতে ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা ৬ জনৰে দুজন হৈছে ছপাশালৰ স্বতাধিকাৰী।

মঙলবাৰে এক বৃহৎ অভিযান চলাই আৰক্ষীয়ে দিল্লীৰ কেইবাটাও স্থানৰ পৰা নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে লগোৱা প্ৰায় ২০০০ খন পোষ্টাৰ আঁতৰাই দিয়ে। জানিব পৰা মতে, এই পোষ্টাৰসমূহৰ অধিকাংশতে মোডী হাতাও, দেশ বাচাও’ শ্লোগান লিখা আছিল।

আৰক্ষীয়ে জনোৱা মতে, ৰাজহুৱা সম্পত্তি বিকৃত কৰাৰ আৰু পোষ্টাৰত ছপাশালৰ নাম নথকাৰ অভিযোগ অনুসৰি লোক কেইজনক গ্ৰেপ্তাৰ কৰা হৈছে।

মঙলবাৰে দিল্লীত পঞ্জীয়ন কৰা ১৩৮ খন এজাহাৰৰ ৩৬ খনেই হৈছে মোডী বিৰোধী পোষ্টাৰৰ বাবে পঞ্জীয়ন কৰা এজাহাৰ।

লগতে আম আদমী পাৰ্টিৰ কাৰ্যালয়লৈ নি থকা প্ৰায় ২০০০ খন পোষ্টাৰো জব্দ কৰে আৰক্ষীয়ে। মধ্য দিল্লীৰ আই পি এষ্টেট এলেকাত এখন ভান জব্দ কৰি আৰক্ষীয়ে এই পোষ্টাৰসমূহ উদ্ধাৰ কৰে। ভান খনৰ চালকজনে আৰক্ষীক জনোৱা মতে, তেওঁক পোষ্টাৰসমূহ আপৰ মুখ্য কাৰ্যালয়লৈ নিবলৈ নিৰ্দেশ দিয়া হৈছিল।

আম আদমী পাৰ্টিয়ে টুইটযোগে এজাহাৰক লৈ এই পোষ্টাৰ সমূহ কিদৰে আপত্তিজনক বুলি প্ৰশ্ন ঊত্থাপন কৰিছে। দলটোৱে লগতে কয় যে এইটোৱেই আছিল “মোডী চৰকাৰৰ একনায়কত্ববাদৰ শিখৰ”।

ছপাশালৰ মালিকসকলে দিল্লী আৰক্ষীক জনোৱা মতে, তেওঁলোকে ৫০ হাজাৰ মোডী হাটাও, দেশ বাচাওপোষ্টাৰ ছপা কৰাৰ কাম লাভ কৰিছে। দিল্লী আৰক্ষীৰ মতে পোষ্টাৰত ছপাশালৰ নাম নথকাৰ বাবে মালিকক গ্ৰেপ্তাৰ কৰা হৈছে।

আনহাতে আম আদমী পাৰ্টিয়ে বুধবাৰে দিল্লীৰ যন্তৰ মন্তৰত প্ৰধানমন্ত্ৰী মোডীক পদচ্যুত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে।