DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

মোডী বিৰোধী পোষ্টাৰক লৈ ৩৬ টা গোচৰ, ৬ জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 22, 2023 1:14 pm
79
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য তথা সমালোচনা কৰি পোষ্টাৰ লগোৱাৰ পিছতেই আৰম্ভ হৈছে আৰক্ষীৰ দমনমূলক পন্থা। ইতিমধ্যে পোষ্টাৰ লগোৱাৰ বিৰুদ্ধে ৩৬ টা গোচৰ ৰুজু হোৱাৰ লগতে ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা ৬ জনৰে দুজন হৈছে ছপাশালৰ স্বতাধিকাৰী।

মঙলবাৰে এক বৃহৎ অভিযান চলাই আৰক্ষীয়ে দিল্লীৰ কেইবাটাও স্থানৰ পৰা নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে লগোৱা প্ৰায় ২০০০ খন পোষ্টাৰ আঁতৰাই দিয়ে। জানিব পৰা মতে, এই পোষ্টাৰসমূহৰ অধিকাংশতে “মোডী হাতাও, দেশ বাচাও’ শ্লোগান লিখা আছিল।

আৰক্ষীয়ে জনোৱা মতে, ৰাজহুৱা সম্পত্তি বিকৃত কৰাৰ আৰু পোষ্টাৰত ছপাশালৰ নাম নথকাৰ অভিযোগ অনুসৰি লোক কেইজনক গ্ৰেপ্তাৰ কৰা হৈছে।

মঙলবাৰে দিল্লীত পঞ্জীয়ন কৰা ১৩৮ খন এজাহাৰৰ ৩৬ খনেই হৈছে মোডী বিৰোধী পোষ্টাৰৰ বাবে পঞ্জীয়ন কৰা এজাহাৰ।

লগতে আম আদমী পাৰ্টিৰ কাৰ্যালয়লৈ নি থকা প্ৰায় ২০০০ খন পোষ্টাৰো জব্দ কৰে আৰক্ষীয়ে। মধ্য দিল্লীৰ আই পি এষ্টেট এলেকাত এখন ভান জব্দ কৰি আৰক্ষীয়ে এই পোষ্টাৰসমূহ উদ্ধাৰ কৰে। ভান খনৰ চালকজনে আৰক্ষীক জনোৱা মতে, তেওঁক পোষ্টাৰসমূহ আপৰ মুখ্য কাৰ্যালয়লৈ নিবলৈ নিৰ্দেশ দিয়া হৈছিল।

আম আদমী পাৰ্টিয়ে টুইটযোগে এজাহাৰক লৈ এই পোষ্টাৰ সমূহ কিদৰে আপত্তিজনক বুলি প্ৰশ্ন ঊত্থাপন কৰিছে। দলটোৱে লগতে কয় যে এইটোৱেই আছিল “মোডী চৰকাৰৰ একনায়কত্ববাদৰ শিখৰ”।

ছপাশালৰ মালিকসকলে দিল্লী আৰক্ষীক জনোৱা মতে, তেওঁলোকে ৫০ হাজাৰ “মোডী হাটাও, দেশ বাচাও” পোষ্টাৰ ছপা কৰাৰ কাম লাভ কৰিছে। দিল্লী আৰক্ষীৰ মতে পোষ্টাৰত ছপাশালৰ নাম নথকাৰ বাবে মালিকক গ্ৰেপ্তাৰ কৰা হৈছে।

আনহাতে আম আদমী পাৰ্টিয়ে বুধবাৰে দিল্লীৰ যন্তৰ মন্তৰত প্ৰধানমন্ত্ৰী মোডীক পদচ্যুত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে।

Recent News

World Environment Day 2023: জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায়

World Environment Day 2023: জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায়

World Environment Day 2023: বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাসে কি কয়? বিশ্ব পৰিৱেশ দিৱস-২০২৩ৰ বিষয়বস্তু কি?

World Environment Day 2023: বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাসে কি কয়? বিশ্ব পৰিৱেশ দিৱস-২০২৩ৰ বিষয়বস্তু কি?

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা :  পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা :  পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে

পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd