বোকাখাতত ক’ভিডৰ গণ সংক্ৰমণ! এদিনত বৰচাপৰি চাহ বাগিচাৰ ৩৭ জন আক্ৰান্ত

Kamala Miri Hospital

বোকাখাত মহকুমাৰ বৰচাপৰি  চাহ বাগিছাত ক’ভিড-১৯ ৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বৃহস্পতিবাৰৰ দিনা বৰচাপৰি চাহ বাগিছাত ক’ভিড সংক্ৰমণৰ  পৰীক্ষাত ২২ জন লোকৰ দেহত সংক্ৰমণ ধৰা পৰে ।

চাহ বাগিচাখনত বোকাখাত মহকুমা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আজি এক শিবিৰ স্থাপন কৰি ১০০ গৰাকী লোকক পৰীক্ষা কৰা হৈছিল।

বুধবাৰলৈকে বাগিচাখনত কৰ্মৰত ১৫ জন লোকৰ দেহত ক’ভিড সংক্ৰমণ ধৰা পৰিছিল। আজি ২২ জন লোকৰ শৰীৰত সংক্ৰমণ ধৰা পৰাৰ পিচত এই সংখ্যা মুঠ  ৩৭ জন লোকলৈবৃদ্ধি পায় ৷

ইপিনে বুধবাৰৰ দিনা বোকাখাত অসামৰিক চিকিৎসালয়ত কভিড সক্ৰমণৰ বাবে ভৰ্তি কৰোৱা তোলন গগৈ নামৰ যুৱক জনৰ যোৱা নিশা গোলাঘাট চিকিৎসালয়ত মত্যু হয় ৷ ক’ভিত সংক্ৰমণত মৃত্যু হোৱা তোলন গগৈৰ ঘৰ কাজিৰঙাৰ দ গাওঁত ৷

তোলন গগৈৰ উপৰিও ক’ভিড সংক্ৰমণৰ দ্বিতীয় ঢৌৱে এতিয়ালৈকে চাৰিজন লোকৰ প্ৰাণ ল’লে ইয়াৰে এজনৰ বাংগালেৰত আৰু এজনৰ ৰাজস্থানত ক’ভিড সংক্ৰমণত মৃত্যু হৈছে ৷

আজি চলোৱা অভিযানত বোকাখাত মহকুমাত মুঠ ৪১ জনৰ শৰীৰত ক’ভিড সংক্ৰমণ ধৰা পৰাৰ পিছত মহকুমাটোত মুঠ ৩১৭ জনৰ লোকৰ শৰীৰত সংক্ৰমণ পোৱা হয় ৷

এই পৰিসংখ্যাৰ পৰা ৩৭ জন ব্যক্তিক চিকিৎসালয়ৰ পৰা আৰু নিজা ঘৰত চিকিৎসাধীন হৈ থকা ৩৩ গৰাকী ব্যক্তিক ক’ভিডৰ সংক্ৰমণৰ পৰা মুক্ত হোৱা বুলি ঘোষণা কৰে স্বাস্থ্য বিভাগে ৷