NORTHEAST NOW (Assamese)

গৃহ বিভাগৰ দায়িত্ব লৈয়েই ৩৮ গৰাকী আৰক্ষী অধীক্ষকক বদলি মুখ্যমন্ত্ৰীৰ; কোনে ক’ত পালে পোষ্টিং?

May 14, 2021 8:35 pm · কল্পজ্যোতি শইকীয়া

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ দায়িত্ব লৈয়ে ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকৰ ব্যাপক সাল-সলনি কৰা হৈছে।

মুঠ ৩৮ গৰাকী আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে।

তলত তালিকাখন উল্লেখ কৰা হ’ল :

– ধুবুৰীৰ SP আনন্দ মিশ্ৰক নগাঁৱলৈ বদলি কৰা হৈছে।

– কোকৰাঝাৰৰ SP ৰাকেশ ৰোছনক শিৱসাগৰৰ SP ৰূপে বদলি

– যোৰহাটৰ নতুন SP হ’ব অংকুৰ জৈন

– চিৰাঙৰ SP ৰূপে বদলি IPS বিষয়া গৌৰৱ উপাধ্যায়ক

– কোকৰাঝাৰৰ SP ৰূপে বদলি ডিব্ৰুগড়ৰ টি পি বিজয় কুমাৰক

– হাইলাকান্দিৰ নতুন SP হ’ব হামৰেণৰ ৰমনদীপ কৌৰ

– বৰপেটাৰ পৰা ৰবীন কুমাৰক গোলাঘাটৰ SP ৰূপে বদলি

– কাছাৰৰ SP বি এল মীনাক দুৰ্নীতি নিবাৰকৰ SP নিযুক্তি

– গোলাঘাটৰ SP পুষ্পৰাজ সিঙক কাৰ্বি আংলঙলৈ বদলি

– নগাঁৱৰ পৰা গৌৰৱ অভিজিত্‍ দিলীপক ধুবুৰীলৈ SP ৰূপে বদলি

– মাজুলীৰ SP এন অপৰ্ণাক মৰিগাঁৱৰ SP ৰূপে নিযুক্তি

– গুৱাহাটীৰ অপৰাধ শাখাৰ DCP বৰুণ পুৰকায়স্থক হোজাইলৈ বদলি

– ডিব্ৰুগড়ৰ SP ৰূপে নিযুক্ত চৰাইদেউৰ এছ মিশ্ৰ

– গুৱাহাটী পূব মণ্ডলৰ DCP নিযুক্ত শুভ্ৰজ্যোতি বৰা

– গুৱাহাটীৰ অপৰাধ শাখাৰ DCP নিযুক্ত মোহনলাল মীনা

– শোণিতপুৰৰ SP মুগ্ধজ্যোতি মহন্তক মুখ্য কাৰ্যালয়লৈ বদলি

– লখিমপুৰৰ SP ৰূপে নিযুক্তি বেদান্ত মাধৱ ৰাজখোৱাক

– তিনিচুকীয়াৰ SP ৰূপে বদলি দেৱজিত্ দেউৰীক

– মাজুলীৰ SP ৰূপে নিযুক্তি গৌতম বৰাক

– মানৱেন্দ্ৰ দেৱৰয়ক কাহিলীপাৰাৰ দশম আৰক্ষীৰ কমাণ্ডাৰ নিযুক্তি

– বিশ্বনাথৰ SP ৰাজেন সিঙক বাক্সাৰ SP ৰূপে নিযুক্তি

– চিৰাঙৰ SP সুধাকৰ সিঙক চৰাইদেউৰ SP ৰূপে বদলি

– মাজুলীৰ পৰা লংনিত টেৰাঙক গুৱাহাটীৰ AIGP ৰূপে বদলি

– বঙাইগাঁৱৰ SP ৰূপে নিযুক্তি স্বপ্ননীল ডেকাক

– বঙাইগাঁৱৰ সুবোধ সোণোৱালক SP ৰূপে দক্ষিণ শালমৰালৈ বদলি

– যোৰহাটৰ SP মৃণাল তালুকদাৰক সপ্তম APBnলৈ বদলি

– শিৱসাগৰৰ SP অমিতাভ সিনহাক বৰপেটালৈ বদলি

– বাক্সাৰ হিৰণ্য বৰ্মনক ওদালগুৰিৰ SP ৰূপে নিযুক্তি

– দৰঙৰ SP ৰূপে নিযুক্তি মুখ্য কাৰ্যালয়ত থকা সুশান্ত বিশ্ব শৰ্মাক

– ওদালগুৰিৰ SP ৰিপুল দাসক বিশ্বনাথৰ SP ৰূপে বদলি

– হামৰেণৰ SP নিযুক্ত অজংৰান বসুমতাৰীক

– মৰিগাঁৱৰ SP নন্দ সিঙক মুখ্য কাৰ্যালয়লৈ বদলি

– হাইলাকান্দিৰ SP পৱীন্দ্ৰ কুমাৰ নাথক নলবাৰীৰ SP ৰূপে নিযুক্তি।

Related News