দেশ-বিদেশৰ ছবিৰে আজিৰ পৰা ৩য় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ আৰু জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত আজিৰ পৰা ৩য় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (GIFF) আৰম্ভ হৈছে।

জ্যোতি চিত্ৰবন আৰু ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰতিষ্ঠানৰ সহযোগত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা মহোৎসৱখনত বিশ্বৰ বিভিন্ন দেশৰ ৯৮খন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব।

আজি বিয়লি ৪.৩০ বজাত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত উদ্বোধনী অনুষ্ঠিত হোৱাৰ পিছতে সন্ধিয়া ৬.৩০ বজাৰ পৰা একেটা প্ৰেক্ষাগৃহত উদ্বোধনী চিনেমা হিচাপে ইৰাণৰ চাৰ্ক’ল (Charcoal) নামৰ ছবিখন প্ৰদৰ্শন কৰা হ’ব। ছবিখনৰ পৰিচালক ইছমায়েল মোনছেফ (Esmaeel Monsef)।

অৱশ্যে ইয়াৰ পূৰ্বে আজি দিনৰ ভাগত শকংৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত অৱস্থিত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ আৰু বাণিকান্ত কাকতি প্ৰেক্ষাগৃহৰ উপৰি জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহতো চলচ্চিত্ৰ দেখুৱা হ’ব।

উল্লেখযোগ্য যে এইবাৰৰ মহোৎসৱত পোলেণ্ডৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ক্ৰিজট’ফ জানুছি (Krzysztof Zanussi) বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব। তেওঁৰ সৈতে ১ নবেম্বৰত দিনৰ ১১.৩০ বজাৰ পৰা ১২.৩০ বজালৈ এক মত বিনিময় অনুষ্ঠান ৰখা হৈছে।

অহা ৬ নবেম্বৰত ইউলিচেচ ৰ’জেল (Ulises Rosell)ৰ টু দ্যা ডেজাৰ্ট (To the Desert) ছবিখনৰে চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি পৰিব।

এইবাৰ GIFFত শ্ৰেষ্ঠ ভাৰতীয় পূৰ্ণদৈঘ্যৰ ছবি (গ’ল্ডেন কেমেৰা), শ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালক (ছিল্ভাৰ কেমেৰা), জুৰিৰ বিশেষ বঁটা (ব্ৰঞ্জ কেমেৰা) আৰু শ্ৰেষ্ঠ চুটি ছবি (প্ৰথম পৰিচালকৰ বাবে) আদি ৪টা শাখাত ক্ৰমে ২লাখ, ১.৫লাখ, ১লাখ আৰু ২৫হাজাৰ টকাসহ বঁটা প্ৰদান কৰা হ’ব।