অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ থকা বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৬ এপ্ৰিলত।
সেই মৰ্মে ভোট গ্ৰহণৰ ৪৮ ঘণ্টা পূৰ্বে অৰ্থাৎ দেওবাৰে সন্ধিয়া ৬ বজাত অন্ত পৰিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান।
কাইলৈ অৰ্থাৎ দেওবাৰে সন্ধিয়া ৬ বজাৰ পিছৰে পৰা কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থী অথবা সমৰ্থকে কোনো ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব।
সংগীতানুষ্ঠান,ছবিৰ প্ৰদৰ্শন অথবা আন কোনো মনোৰঞ্জনধৰ্মী অনুষ্ঠানৰ মাজেৰেও কোনেও নিৰ্বাচনী প্ৰচাৰ চলোৱাতো নিষিদ্ধ কৰা হৈছে।
এই সময় ছোৱাৰ ভিতৰত কোনো ছপা, ইলেক্ট্ৰ’নিক আদি মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিব পৰা নাযাব প্ৰাক নিৰ্বাচনী সমীক্ষাও।
তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া প্ৰচাৰ সম্পৰ্কীয় নীতি নিয়ম উলংঘা কৰা দল, প্ৰাৰ্থী, ব্যক্তি আদিৰ বিৰুদ্ধে আয়োগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।
অসমৰ ৪০ টা সমষ্টিত ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব।
তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া সমষ্টিকেইটা হ’ল ক্ৰমে– মানকাচৰ, দক্ষিণ শালমৰা, ধুবুৰী, গৌৰীপুৰ, ভৱানীপুৰ, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব, চিদলী, বিজনী, সৰভোগ, বৰপেটা, জনিয়া, বাঘবৰ, তামুলপুৰ, বৰমা, চাপাগুৰি, বঙাইগাঁও, অভয়াপুৰী পূব, অভয়াপুৰী দক্ষিণ, পাটাছাৰকুছি, গোলকগঞ্জ, বিলাসীপাৰা পশ্চিম, বিলাসীপাৰা পূব, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, জলেশ্বৰ, গোসাইগাঁও, সৰুক্ষেত্ৰী, চেঙা, ধৰ্মপুৰ,দুধনৈ, বকো, ছয়গাঁও, পলাশবাৰী, হাজো, জালুকবাৰী, দিছপুৰ, গুৱাহাটী পূব, গুৱাহাটী পশ্চিম আৰু বৰক্ষেত্ৰী।
এই কেউটা সমষ্টিৰে ভোটগণনা কৰা হ’ব ২ মে’,২০২১ত