পুনৰ ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটীকে ধৰি বিভিন্ন অঞ্চল

earthquake-1580261390-750x375

যোৱা নিশা ১বাজি ১৩ মিনিটত ৪.৪ মেগনিটিউডৰ এক ভূমিকম্পই গুৱাহাটীকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চল জোকাৰি যায়।

নেছনেল চেণ্টোৰ ফ’ৰ ছিচম’ল’জিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ হৈছে মেঘালয়ৰ নংছটইনৰ পৰা প্ৰায় ২২ কিলোমিটাৰ আঁতৰত।

ভূমিকম্পটোৰ উৎপত্তিস্থল ভূপৃষ্ঠৰ ১০ কি. মি. গভীৰতাত বুলি জানিব পৰা গৈছে।

প্ৰাথমিকভাৱে পোৱা খৱৰ অনুসৰি ভূমিকম্পটোৰ ফলত কোনো উল্লেখযোগ্য ক্ষয়-ক্ষতি হোৱা নাই।

ভূমিকম্পটোৰ অভিকেন্দ্ৰৰ পৰা নাতিদূৰত্বৰ চহৰসমূহত জোকাৰণি ভালকৈয়ে অনুভূত হয়।

ভূমিকম্পটোৰ অভিকেন্দ্ৰৰ পৰা শ্বিলঙৰ দূৰত্ব ৭৫ কিলোমিটাৰ পশ্চিম দিশত আৰু গুৱাহাটীৰ দূৰত্ব ৮১কি:মি: দক্ষিণ-পশ্চিম দিশত হ’ব বুলি কোৱা হৈছে।

মাজনিশা শুই থকাৰ সময়তে হোৱা ভূমিকম্পটোৰ জোকাৰণিত গুৱাহাটীৰ বাসিন্দাসকলে কিছু আতংকিত হৈ পৰে যদিও ইয়াৰ তীব্ৰতা সিমান গভীৰ নোহোৱাৰ বাবে বিশেষ প্ৰতিক্ৰিয়া দেখা নগ’ল।

অৱশ্যে, ভূমিকম্পটো হৈ যোৱাৰ পাছতে বহুতেই ছচিয়েল মিডিয়াত ইয়াৰ আপডেট দি সকলোকে সজাগ কৰা দেখা গ’ল।