NORTHEAST NOW (Assamese)

গোৱালপাৰা জিলাত বানপানীত ৪.৫ লাখ লোক ক্ষতিগ্ৰস্ত; সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত

July 18, 2020 9:40 am · এন ই নাও নিউজ
ফটো-নৰ্থ-ইষ্ট নাও

অসমৰ অন্যান্য জিলাৰ দৰে গোৱালপাৰা জিলাও বানপানীৰ বাবে বেয়াকৈ ক্ষতিগ্ৰস্ত হ’বলগীয়া হৈছে।

বানপানীৰ ফলত গোৱালপাৰা জিলাত বৰ্তমানলৈ ৪.৫ লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হ’বলগীয়া হৈছে।

গোৱালপাৰা জিলাৰ ভিতৰত লখিপুৰ ৰাজহ চক্ৰ আৰু জলশ্বেৰ সমষ্টিত সৰ্বাধিক সংখ্যক লোক ক্ষতিগ্ৰস্ত হৈছে। এই দুটা স্থানৰ ১৫১ খন গাঁৱৰ ২.৮৭ লাখতকৈ অধিক লোক বানপানীৰ কবলত পৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে, জিলাখনৰ বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত ৬৬ খন গাঁৱৰ ১.১৩ লাখ লোক বানপানীৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

গোৱালপাৰাত এতিয়ালৈ চাৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও সমূহৰ পৰা মুঠ ১৮,৬০৫ গৰাকী লোকক জিলা প্ৰশাসনে স্থাপন কৰা ৯২ টা অস্থায়ী শিৱিৰত ৰখা হৈছে।

শুকুৰবাৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই বিভাগীয় প্ৰতিনিধি সকলক লগত লৈ জলেশ্বৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগে আশ্ৰয় শিৱিৰ সমূহ পৰিদৰ্শন কৰে।

”গোৱালপাৰা জিলা কৰ্তৃপক্ষই ক্ৰমাগতভাৱে উদ্ধাৰ অভিযান আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে,” উপায়ুক্ত বৰ্ণালী ডেকাই সংবাদমাধ্যমৰ আগত এইদৰে কয়।

Related News