NORTHEAST NOW (Assamese)

ৰাজ্যত ৪.৭ প্ৰাবল্যৰ ভূমিকম্পৰ কঁপনি

May 28, 2023 4:42 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 28, 2023 5:25 pm

এক মৃদু ভূমিকম্পই আজি বিয়লি কঁপনি তুলিলে অসমত। ৰিখটাৰ স্কেলত ৪.৭ প্ৰাবল্যৰ এই ভূমিকম্প চুবুৰীয়া ৰাজ্য মেঘালয়ত উৎপত্তি হৈছিল।

অৱশ্যে ভূমিকম্পৰ ফলত হোৱা কোনোধৰণৰ আঘাত বা ক্ষয়-ক্ষতিৰ তাৎক্ষণিক খবৰ এইপৰ্যন্ত প্ৰকাশ পোৱা নাই।

কিছু ছেকেণ্ডৰ বাবে কঁপনি অনুভূত হোৱা এই ভূমিকম্প প্ৰায় ২.৫৮ বজাত সংঘটিত হৈছিল।

চিলেটকে ধৰি চুবুৰীয়া বাংলাদেশৰ কিছু অংশতো কম্পন অনুভূত হয় বুলি জানিব পৰা গৈছে।

এই ভূমিকম্পৰ কেন্দ্ৰস্থল মেঘালয়ৰ মাইৰাঙৰ কাষৰীয়া অঞ্চলত বুলি জানিব পৰা গৈছে।

Related News