আৰক্ষীৰ লোকক দুৰ্ব্যৱহাৰৰ অভিযোগত বিজেপি যুৱ মৰ্চাৰ চাৰিজন কৰ্মীক গ্ৰেপ্তাৰ

arrested-680x365

প্ৰতিনিধিত্বমূলক ফটো।

আৰক্ষীৰ লোকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত সোমবাৰে চাৰিজন বিজেপি কৰ্মীক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে।

সোমবাৰে দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত বিজেপি কৰ্মী কেইজনে আৰক্ষীৰ লোকক দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

এই ঘটনাৰ পিছতে অৰ্থাৎ আজি ধুবুৰী সদৰ আৰক্ষী থানাত বিজেপিৰ শ শ নেতা-কৰ্মী উপস্থিত হৈ গ্ৰেপ্তাৰ হোৱা লোক কেইজনক বিনা চৰ্তে মুক্তিৰ দাবী জনায়।

ইফালে আৰক্ষীয়ে বিজেপি কৰ্মী চাৰিজনৰ বিৰুদ্ধে ধাৰা ২৬৯/২৭০/১৮৯/২৯৪/৩৫৩/৫০৬/২২৪/৪২৭/৩৪ৰ অধীনত ১৫৬৪/২০২০ নম্বৰত এটি গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজনৰ এজন হৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ধুবুৰী টাউনৰ সভাপতি সোমনাথ চক্ৰৱৰ্তী আৰু বাকী তিনিজন ক্ৰমে ৰাকেশ চৌধুৰী, অৰুণ চক্ৰৱৰ্তী আৰু সৌৰভ কুমাৰ দে।

এই ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই কয় যে আৰক্ষীয়ে অভিযুক্ত কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

ইফালে এই ঘটনাক লৈ বিজেপিৰ ধুবুৰী জিলা সভাপতি দেবময় চান্যলে ধুবুৰী সদৰ আৰক্ষী থানাত দলীয় নেতা আৰু আৰক্ষী অধীক্ষকৰ সৈতে এক আলোচনাত মিলিত হয়।

আলোচনাৰ অন্তত সভাপতি গৰাকীয়ে কয় যে দলীয় কৰ্মী কেইজন আৰু আৰক্ষীৰ লোকৰ মাজত কিছু ভুল বুজাবুজিৰ সৃষ্টি হৈছিল আৰু এতিয়া সেই সকলোবোৰ সমাধান হৈছে।

জানিব পৰা মতে গ্ৰেপ্তাৰ হোৱা আটাই কেইজন বিজেপি কৰ্মীকে জামিনত মুকলি কৰি দিয়া হৈছে।