NORTHEAST NOW (Assamese)

জম্মুত তীৰ্থযাত্ৰী কঢ়িওৱা বাছত অগ্নিকাণ্ড: চাৰিজনৰ মৃত্যু, ২০ জনৰো অধিক লোক আহত

May 13, 2022 8:19 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 13, 2022 8:26 pm

জম্মুৰ কাটৰাত এখন যাত্ৰীবাহী বাছত হোৱা ভয়াৱহ অগ্নিকাণ্ডত চাৰিজন যাত্ৰী নিহত হোৱাৰ লগতে কমেও ২০ জন আহত হয়।

বৈষ্ণো দেৱী মন্দিৰৰ একাংশ তীৰ্থযাত্ৰীক কঢ়িয়াই নিয়া কাটৰাৰ পৰা জম্মু অভিমুখী বাছখনত হঠাতে জুইয়ে আৱৰি ধৰাৰ পিছতে এই ভয়াৱহ ঘটনা সংঘটিত হয়।

উল্লেখ্য যে কাটৰা হৈছে বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা তীৰ্থযাত্ৰীসকলৰ বাবে থকা আধাৰ শিবিৰ।

এই মৰ্মান্তিক দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু নিশ্চিত কৰি জম্মুৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুকেশ সিঙে কয় যে প্ৰাৰম্ভিক অনুসন্ধানত কোনো বিস্ফোৰক সামগ্ৰীৰ উপস্থিতি ধৰা পৰা নাই।

তেওঁ লগতে কয় যে ফৰেনচিক বিশেষজ্ঞসকলক লগে লগে অগ্নিকাণ্ডৰ কাৰণ সম্পৰ্কে সন্ধান কৰিবলৈ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছিল।

প্ৰাথমিক অনুসন্ধান অনুসৰি ইঞ্জিন এলেকাত প্ৰথমে জুইৰ সৃষ্টি হৈছিল আৰু তাৎক্ষণিকভাৱে গোটেই বাছখন আৱৰি ধৰিছিল।

Related News