“বিজেপিয়ে দেশত নিৰন্তৰ মেৰুকৰণৰ খেল খেলি আছে আৰু ৰাইজৰ মাজত ভয়ৰ পৰিৱেশ অব্যাহত ৰাখিছে।”- শাসকীয় বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি এই মন্তব্য কৰে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে।
আজি উদয়পুৰত কংগ্ৰেছ দলৰ চিন্তন শিবিৰ উদ্বোধন কৰাৰ সময়ত কংগ্ৰেছ নেত্ৰী গৰাকীয়ে গান্ধীয়ে নৰেন্দ্ৰ মোদীৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।
নিজ ভাষণত তেওঁ কয়, “এইয়া স্পষ্ট হৈ পৰিছে যে প্ৰধানমন্ত্ৰী মোডীৰ ‘নূন্যতম চৰকাৰ, সৰ্বাধিক শাসন’ৰ মন্ত্ৰৰ অৰ্থ হৈছে মেৰুকৰণৰ চিৰস্থায়ী অৱস্থা বজাই ৰখা, সংখ্যালঘুসকলক দমন কৰা আৰু ৰাজনৈতিক বিৰোধীসকলক ভাবুকি দিয়া।”
লগতে এক বিস্ফোৰক অভিযোগ কৰি গান্ধীয়ে কয়, “এই শ্ল’গানৰ অৰ্থ হৈছে দেশখনক মেৰুকৰণৰ স্থায়ী অৱস্থাত ৰখা, মানুহক নিৰন্তৰ ভয় আৰু নিৰাপত্তাহীন অৱস্থাত থাকিবলৈ বাধ্য কৰা। লগতে আমাৰ সমাজৰ এক অবিচ্ছেদ্য অংগ আৰু আমাৰ গণৰাজ্যৰ সম নাগৰিক সকলক কটুভাৱে লক্ষ্য কৰা, ভুক্তভোগী কৰা আৰু নিৰ্মমভাৱে হত্যা কৰা।”
“মোদীৰ ‘নূন্যতম চৰকাৰ, সৰ্বাধিক শাসন’ৰ মন্ত্ৰৰ অৰ্থ হৈছে আমাক বিভাজন কৰিবলৈ আমাৰ সমাজৰ একতা আৰু বৈচিত্ৰ্যৰ সতৰ্কতাৰে লালন-পালন কৰা ধাৰণাক বিকৃত কৰা। ইয়াৰ অৰ্থ হৈছে ৰাজনৈতিক বিৰোধীসকলক ভাবুকি দিয়া আৰু ভয় খোৱা, তেওঁলোকৰ খ্যাতি কলুষিত কৰা, অনুসন্ধানকাৰী সংস্থা ব্যৱহাৰ কৰি তেওঁলোকক ক্ষীণ অজুহাতত কাৰাগাৰলৈ লৈ যোৱা।”— গান্ধীয়ে লগতে কয়।
আনহাতে শিবিৰত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলক সকলো দৃষ্টিভংগী বিবেচনা কৰি একতা আৰু সহযোগিতাৰ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিবলৈ উপদেশ আগবঢ়ায় জেষ্ঠ নেত্ৰীগৰাকীয়ে।
চিন্তন শিবিৰ হৈছে কংগ্ৰেছৰ সন্মুখত থকা প্ৰত্যাহ্বান সমূহৰ আলোচনা কৰাৰ আৰু সাংগঠনিক পৰিৱৰ্তন কাৰ্যকৰী কৰাৰ এক সুযোগ বুলি অভিহিত কৰে ছোনীয়া গান্ধীয়ে।